পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন গৃহ নিৰ্মাণৰ শুভাৰম্ভ...

পাটাছাৰকুছিস্থিত ঐতিহ্যমণ্ডিত পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰস্তাৱিত দুমহলীয়া নতুন ভৱনৰ ভূমিপূজন আৰু নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ‘ব নতুন ভৱন । সেই উপলক্ষে আজি পাটাছাৰকুছিস্থিত ঐতিহ্যমণ্ডিত পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰস্তাৱিত দুমহলীয়া নতুন ভৱনৰ ভূমিপূজন আৰু নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে৷ এই উদ্দেশ্যে স্কুল পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সদানন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ২৪ মাহত এই নিৰ্মাণ সম্পুৰ্ণ হ’ব বুলি নিজৰ ভাষনত উল্লেখ কৰে৷ 

Advertisment

উল্লেখযোগ্য যে  ১৯৩৫ চনতে স্থাপন কৰা বিদ্যালয়খনৰ আন্তঃগাঠনি দুৰ্বল হৈ পৰিছিল৷ শ্ৰেণীকোঠাবোৰো পুৰনি হৈ পৰাত বিশেষ অসুবিধাৰ সৃষ্টি হৈছিল৷ নতুনকৈ নিৰ্মাণ কৰা ভৱনটো আধুনিক সা-সুবিধা সম্পন্ন হ’ব৷ নতুন ভৱনত বিভিন্ন অত্যাধুনিক কোঠালি নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ।

আজিৰ এই বিশেষ সভাত স্কুল পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি শৈলজানন্দ গোস্বামী,   সদ্য অৱসৰী অসম লোক সেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী, পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বিনন্দ কুমাৰ শীল, অৱসৰী ক্ৰীড়া বিষয়া ভূপেন্দ্ৰ কুমাৰ চৌধুৰী, স্বাস্থ্য বিভাগৰ অৱসৰী সঞ্চালক অতুল শৰ্মা, সাহিত্যিক পেঞ্চনাৰ সমাজকৰ্মী মুনীন্দ্ৰ নাৰায়ন গোস্বামী,অৱসৰী অধ্যক্ষ, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰৱীন শৰ্মা, লোক নিৰ্মাণ বিভাগৰ বিভাগীয় বিষয়া, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ বিষয়ববীয়া, বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° সঞ্জয় গোস্বামী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী উপস্থিত থাকে৷

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস