/asomiyapratidin/media/media_files/2025/06/15/FxFUkbMJ9Z2JCSvN1777.jpg)
৪ বছৰত ৭৫০ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ হৈছেঃ পীযুষ হাজৰীকা
ডিজিটেল ডেস্কঃ "অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বৰ্তমান জলসম্পদ বিভাগে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত মথাউৰি নিৰ্মাণ কৰি আছে। এই মথাউৰিসমূহে অসমৰ ভৱিষ্যৎ সুদীর্ঘকাললৈ সুৰক্ষিত কৰিব বুলি আমি দৃঢ় বিশ্বাসী।"- এই ভাষ্য জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ।
"মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জলসম্পদ বিভাগে অত্যাধুনিক সামগ্ৰী ব্যৱহাৰেৰে ৰাজ্যৰ বান-খহনীয়া সমস্যা সমাধানৰ বাবে প্ৰয়াস চলাই আছে" বুলি দেওবাৰে শিৱসাগৰত উল্লেখ কৰি লগতে কয় যে, "জিঅ' মেগা টিউব বান-খহনীয়া ৰোধৰ এক শক্তিশালী আহিলা। ২৫ মিটাৰ দৈৰ্ঘ্যৰ আৰু প্ৰায় ৫ মিটাৰ বহল এই মেগা জিঅ' টিউবটো স্থাপনেৰে মথাউৰি নিৰ্মাণ কৰিলে এটা মথাউৰি অতি কমেও ৫০ বছৰলৈ সুৰক্ষিত হৈ থাকিব বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। প্ৰায় ২০ ট্ৰাকমান বালিভৰ্তি প্ৰকাণ্ড জিঅ' মেগা টিউব স্থাপনেৰে নিৰ্মাণ কৰা মথাউৰি এটা পানীৰ সোঁতে সহজে ছিগিব নোৱাৰে, উটুৱাই নিব নোৱাৰে। জিঅ' টেক্সটাইলৰ সহায়ত প্ৰস্তুত কৰা জিঅ' মেগা টিউবসমূহৰ প্ৰভাৱ দীৰ্ঘম্যাদী।"
তেওঁ লগতে উল্লেখ কৰে যে, "ইতিমধ্যে বান-খহনীয়া সমস্যা সমাধানৰ বাবে ইতিমধ্যে বিগত ৪ বছৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰায় ৭৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষতো প্ৰায় ৩০০ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। নতুন মথাউৰি নিৰ্মাণ কৰিলে জিঅ' মেগা টিউব ব্যৱহাৰ কৰাটো বাধ্যতামূলক। এতিয়া পুৰণি মথাউৰি শক্তিশালীকৰণৰ প্ৰক্ৰিয়াতো জিঅ' মেগা টিউব ব্যৱহাৰ কৰি থকা হৈছে। ৰাজ্যখনত যিমান মথাউৰি আছে, পৰ্যায়ক্ৰমে সকলো মথাউৰি জিঅ' মেগা টিউবৰ দ্বাৰা শক্তিশালী কৰা হ'ব, যাতে মথাউৰি ছিগাৰ আশংকা হ্ৰাস পায় আৰু বানৰ সমস্যা সমাধান হয়" বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/06/15/ubVTETj6q6roAarbPxaN.jpeg)
বানমুক্ত অসম গঢ়া সন্দৰ্ভত আশা ব্যক্ত কৰি মন্ত্ৰী হাজৰীকাই লগতে কয় যে, "দেশ স্বাধীন হোৱাৰ পাছত প্ৰায় ৬০ বছৰত ৪ হাজাৰ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছিল। আমি প্ৰায় ৫ বছৰত ১ হাজাৰ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰিছোঁ। ৪ হাজাৰ কিলোমিটাৰ পুৰণি মথাউৰি জিঅ' মেগা টিউবৰ সহায়ত শক্তিশালী কৰা হ'ব। এইটো এটা ডাঙৰ প্ৰত্যহ্বানমূলক কাম হ'ব যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এয়া সম্ভৱ কৰি তুলিম আৰু অসমক ৯০ শতাংশ বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ম বুলি দৃঢ় বিশ্বাসী।' অসমৰ ৰাইজৰ জীৱন সুৰক্ষিত কৰাৰ মহৎ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জলসম্পদ বিভাগে এই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিব" বুলিও মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে।