ডিজিটেল সংবাদ, বিলাসীপাৰাঃ অসম আৰক্ষীৰ খাকী পোচাকত ক'লা দাগ সানিলে বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ কনিষ্টবলে।শনিবাৰে বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।
অবৈধ কাঠ কঢ়িয়াই অনা চোৰাং কাঠ ব্যৱসায়ীৰ বাহনৰ পৰা উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতেই আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় ধুবুৰীৰ আৰক্ষী অধীক্ষক নৱীন সিঙে।
উৎকোচ লোৱাৰ ঘটনা পোহৰলৈ অহাত বীৰেন্দ্ৰ বৰ্মনক ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষীক শাস্তিমূলক বদলি কৰাৰ লগতে উক্ত স্থানত নতুনকৈ বিষয়াক দায়িত্ব প্ৰদান কৰে বুলি ধুবুৰীৰ আৰক্ষী অধীক্ষকে সাংবাদিকক জানিবলৈ দিয়ে।