/asomiyapratidin/media/media_files/2025/05/05/oVB0dtERkquK1EHSESPD.jpg)
মোৱামাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ বাইক ৰেলী
ডিজিটেল সংবাদ, মঙলদৈ : দ্বিতীয় পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন । আজি আবেলি ৪ বজাৰ লগে লগে শেষ হ'ব নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ অন্তিম দিনত দৰং জিলাৰ ৭নং মোৱামাৰী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনী চমক দিবলৈ সক্ষম হয়।
নিৰ্বাচনৰ অন্তিম দিনত মোৱামাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছে উলিয়ালে বাইক ৰেলী। এই বাইক ৰেলীত হাজাৰৰো অধিক বাইকেৰে মুক্তা দেৱী মণ্ডলে প্ৰচাৰ চলায়। মুক্তা দেৱী মণ্ডলে মোৱামাৰী জিলা পৰিষদ সমষ্টিত ৰেলিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়।
হাজাৰ হাজাৰ সমৰ্থকেৰে এই বিশাল ৰেলীত দৰং কংগ্ৰেছৰ উপ-সভাপতি ৰিজু মনি তালুকদাৰ, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আব্দুলা শেখে প্ৰাৰ্থী গৰাকীক সংগ দি বিজয় নিশ্চিত বুলি দাবী কৰে।