/asomiyapratidin/media/media_files/2025/05/14/NXGFq4oFJ03f40MHvzB9.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বেলিকা চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ঢকুৱাখনাত। শাসক দলৰ সহযোগিতাত প্ৰশাসনে বেলট বাকচৰ সাল- সলনি কৰি এক ভয়ানক অনিয়মৰ সূত্ৰপাত ঘটাইছিল । যাৰ পৰিণতিত এক শ্বাসৰুদ্ধকৰ পৰিবেশত নিৰ্বাচনী বৈতৰণি পাৰ হ’ল বিজেপি মিত্ৰজোঁট - এই গুৰুতৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ অধ্যক্ষ ডঃ সুৰজিত দলেৰ ।
বুধবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হয় এক সংবাদমেল। সংবাদমেলত এই স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰি ঢকুৱাখনা ঘিলামৰাৰ বহুকেইটা বেলট বাকচত ব্যাপক অনিয়ম সংঘটিত কৰাৰ বুলি জনায় । ঢকুৱাখনা ঘিলামৰাৰ বহু কেইগৰাকী প্ৰাৰ্থীয়ে উত্থাপন কৰা এনে অভিযোগৰ ভিত্তিত কংগ্ৰেছৰ নেতাগৰাকীয়ে নিৰ্বাচনী বিষয়াক মৌখিকভাৱে অৱগত কৰা বুলি কৈ শীঘ্ৰে নিৰ্বাচনী আয়ুক্তক অভিযোগ দাখিল কৰিব বুলি জনায়।
ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰমেন মিলি, প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাকেশ পেগু, জ্যেষ্ঠ কংগ্ৰেছ নেতা নবীন গগৈ আদি উপস্থিত থকা সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ নেতা ড০ দলেয়ে কয়- ২০১৮ চনৰ নিৰ্বাচনতকৈ ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনত ঢকুৱাখনাত কংগ্ৰেছ দলৰ আশাব্যঞ্জকভাৱে ভোট বৃদ্ধি পাইছে । দলৰ সাংগঠনিক শক্তি ক্ৰমাৎ বৃদ্ধি পাইছে যদিও বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি, ভোটাৰক প্ৰলোভিত কৰি ভোট সংগ্ৰহত নামি এনে সফলতা অৰ্জন কৰিছে।
এক শ্বাসৰুদ্ধকৰ পৰিবেশতহে গেৰুৱা দলে এনে বিজয় সাব্যস্ত কৰে বুলি জনাই ডঃ দলেয়ে । সংবাদমেলত প্ৰশাসনিক সম্পাদক ৰাকেশ পেগুৱে কয়- বিজেপি মিত্ৰজোঁটৰ তিনিটাকৈ ৰাজনৈতিক দলৰ ঐক্যবদ্ধ শক্তিৰ বিৰুদ্ধে অকলে যুঁজি কংগ্ৰেছ দলে প্ৰতিটো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত সমষ্টিত দ্বিতীয় স্থান লাভ কৰাৰ লগতে বহু কেইটা পদত অতি কম সংখ্যক ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জয়ী হ’বলৈ সক্ষম হয় ।
সম্পাদক পেগুৱে কয়- মহিলা ভোটাৰসকলে একান্ত অনিচ্ছা সত্বেও বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ বাধ্য হয় কেৱল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ ভয়ত । অতি কম ভোটৰ ব্যৱধানত দলৰ প্ৰাৰ্থীসকল পৰাজিত হোৱাটোৱেই প্ৰমাণ কৰে আমি প্ৰতি জিলা পৰিষদৰ সমষ্টিত সবল প্ৰতিদ্বন্দ্বিতা কৰিছোঁ । আমাৰ ভোটাৰ আৰু ভোট শক্তি ক্ৰমাৎ বৃদ্ধি পাইছে ।
ইয়াৰ বাবে পেগুৱে সাধাৰণ ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে । ইপিনে মঙ্গলবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱাই পঞ্চায়ত নিৰ্বাচনত দলীয় ব্যৰ্থতা স্বীকাৰ কৰি নৈতিকগত কাৰণত সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ পাছত ব্লক আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰামৰ্শ আৰু আহ্বানৰ পৰিপ্ৰেক্ষিতত চমুৱাই নিজৰ অব্যাহতি পত্ৰ প্ৰত্যাহাৰ কৰে ।
চমুৱাই সংবাদমেলত উপস্থিত হৈ দলীয় কৰ্মপটু নেতা কৰ্মীসকলৰ আহ্বানৰ প্ৰতি সন্মান জনাই তেওঁৰ অব্যাহতি পত্ৰ প্ৰত্যাহাৰ কৰা বুলি কৈ অনাগত সময়ত দলটোক জনমুখী কৰি তোলাত সৰ্বোপৰি আত্মনিয়োগগেৰে নেতৃত্ব প্ৰদান কৰি যোৱাৰ সংকল্প দোহাৰে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ নেতা ডঃ দলে আৰু ব্লক কংগ্ৰেছৰ নেতৃবৰ্গই সভাপতি সত্য চমুৱাৰ সবল নেতৃত্বৰ শলাগ লৈ তেওঁৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।