/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/congress-1.jpg)
ডিজিটেল ডেস্ক : শনিবাৰে নিশা পশ্চিমবংগ আৰক্ষীয়ে ধন সহ আটক কৰিছিল ঝাৰখণ্ডৰ ৩ জন কংগ্ৰেছী বিধায়কক । পশ্চিমবংগ আৰক্ষীয়ে আটক কৰা বিধায়ক তিনিজন ক্ৰমে ইৰফান আনছাৰী , ৰাজেশ কাছাভ আৰু নমনা বীক্ষাল । এখন ফৰশ্বনাৰ বাহনত বৃহৎ পৰিমানৰ ধন লৈ আহিছিল বিধায়ক তিনিজনে ।
ইয়াৰ পিছতে দেওবাৰে ঝাৰখণ্ড কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে বিধায়ক তিনিজনক ।এই কথা সদৰী কৰিছে ঝাৰখণ্ড কংগ্ৰেছৰ সাধাৰণ সম্পাদক অবিনাশ পাণ্ডে । অৱশ্যে এই পৰ্যন্ত এই ধনৰ প্ৰকৃত উৎস এই পৰ্যন্ত উলিয়াব পৰা নাই পশ্চিমবংগ আৰক্ষীয়ে ।
আৰু পঢ়ক : সংকটত অসমৰ দুই শতাধিক মাদ্ৰাছা….