/asomiyapratidin/media/media_files/2024/12/20/pLyy0UkKsi5Q3jSShycb.jpg)
ডিজিটেল সংবাদশিলচৰ: কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ প্ৰতিবাদত শিলচৰ জিলা কংগ্ৰেছে শিলচৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰে৷ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যলয়লৈ যাব বিচৰা সমদলটোক ইন্দিৰা ভৱনৰ সন্মুতে আৱদ্ধ কৰাৰ চেষ্টা চলায় আৰক্ষীয়ে৷
ইয়াকে লৈ প্ৰতিবাদী কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত ঠেলা-হেঁচাহতাহতিৰ সৃষ্টি হয়৷ এটা সময়ত আৰক্ষীৰ বেৰিকেট ভেদি সমদলটো আগবঢ়াৰ সময়ত পুনৰ বাধা প্ৰদান কৰে আৰক্ষীয়ে৷
পৰৱৰ্তী সময়ত জিলা সভাপতি অভিজিত পাল,বৰখলাৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰসহ কেইবাজনো কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰি সদৰ থানালৈ লৈ যায় আৰক্ষীয়ে৷ কংগ্ৰেছ নেতা সকলক গ্ৰেপ্তাৰ কৰাৰ পিচত মহিলা কংগ্ৰেছ কৰ্মী সকলে পুনৰ বিক্ষোভ প্ৰদৰ্শন কৰে৷
মহিলা কংগ্ৰেছ কৰ্মী সকলৰ সৈতেও হতাহতি হয় আৰক্ষীৰ৷ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তাল কৰে কংগ্ৰেছ কৰ্মী সকলে৷