দৰঙত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ : মাধৱ ৰাজবংশীসহ কেইবাজনক আটক

দৰং জিলাৰ অন্তৰ্গত মঙলদৈত শুকুৰবাৰে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতে আৰক্ষীয়ে কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰে।

author-image
Asomiya Pratidin
New Update
দৰঙত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ : মাধৱ ৰাজবংশীসহ কেইবাজনক আটক

দৰঙত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ : মাধৱ ৰাজবংশীসহ কেইবাজনক আটক

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ অন্তৰ্গত মঙলদৈত শুকুৰবাৰে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতে আৰক্ষীয়ে কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰে। ৰকিবলু হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাক কেন্দ্ৰ কৰি ৰূপায়ণ কৰা হৈছিল এই প্ৰতিবাদী কাৰ্যসূচী। 

Advertisment

দৰং জিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে জিলা সভাপতি মাধৱ ৰাজবংশীসহ ১২গৰাকী কংগেছী কৰ্মীক দৰং আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে সাংসদ ৰকিবুল হুছেইনক দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ ২৪ ঘন্টা উকলি যোৱাৰ পিছতো এজনো দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিব নোৱাৰাৰ প্ৰতিবাদত মঙলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ চেষ্টা কৰিছিল কংগ্ৰেছ কৰ্মীসকলে।

ইফালে দৰং আৰক্ষীয়ে সভাপতি মাধৱ ৰাজবংশীসহ ১২জন কংগ্ৰেছ কৰ্মীক আটক কৰি মঙ্গলদৈ সদৰ থানালৈ লৈ আনে। আটক কৰা সকল হ'ল- জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশী, প্ৰাক্তন বিধায়ক ইলিয়াছ আলি, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক যুগৰ কিশোৰ শইকীয়া, মোজামিল হক, জিঙ্কুল আলি, কংগ্ৰেছ কৰ্মী হামিদুৰ ৰহমান, মমিনুল হুছেইন, আনোৱাৰ হুছেইন, আজিউদ্দিন আহমেদ,হামিদুৰ, আজিজুৰ ৰহমান আৰু মফিজুল হক।

assam congress Assam Pradesh Congress Committee