ধুবুৰীৰ জিলা পৰিষদৰ ১০টাতে জয়ী কংগ্ৰেছ...

দেওবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে ধুবুৰীত সামৰণি পৰে। ধুবুৰী জিলা পৰিষদৰ ২০ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত কংগ্ৰেছে ১০ টা সমষ্টিত বিজয়ী হয়।

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ জিলা পৰিষদৰ ১০টাতে জয়ী কংগ্ৰেছ...

ধুবুৰীৰ জিলা পৰিষদৰ ১০টাতে জয়ী কংগ্ৰেছ...

ডিজিটেল সংবাদ, ধুবুৰী : দেওবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে ধুবুৰীত সামৰণি পৰে। ধুবুৰী জিলা পৰিষদৰ ২০ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত কংগ্ৰেছে ১০ টা সমষ্টিত বিজয়ী হয়। 

Advertisment

একেদৰে বিজেপিয়ে ৫ টা সমষ্টিত, এআইইউডি এফে ৩ টা সমষ্টিত, ৰাইজৰ দলে ১ টা সমষ্টিত আৰু নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীয়ে ১ টা সমষ্টিত জয়লাভ কৰিছে। এইবাৰৰ নিৰ্বাচনৰ ভোটগণনাৰ পিচতে ধুবুৰী জিলাত সচেতন ৰাইজে কেইবাটাও দিশৰ ওপৰত ব্যাপক চৰ্চা কৰা দেখা গৈছে। 

বিশেষকৈ বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৰাইজৰ পৰা বিপুল ভোট লাভ কৰি যেনে- দৰে জয়ী হোৱা দেখা গৈছিল সেই জনপ্ৰিয়তা জিলাখনত ক্ৰমে নোহোৱা হৈ পৰা বুলিও ৰাজনৈতিক মহলত সৰৱ আলোচনা হোৱা দেখা গৈছে। একাংশ ৰাইজে আজি অভিযোগ কৰি কয় যে, ধুবুৰী জিলাত সাংসদ ৰকিবুল হুছেইনৰ যাদু শেষ বুলি ক'ব পৰা যায়। এইবেলি ৰাইজে জিলা পৰিষদ সমষ্টিৰ যি ১০ জন প্ৰাৰ্থীক জয়ী কৰালে সেয়া সাংসদগৰাকীৰ মুখখন চাই জয়ী কৰোৱা নাই। কংগ্ৰেছ দলৰ চিহ্নক সন্মান জনাইহে ৰাইজে ১০ জনকৈ জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীক জয়ী কৰাইছে। 

একেদৰে ধুবুৰী জিলাত কংগ্ৰেছৰ ফলাফল ভাল হোৱা বুলি কংগ্ৰেছৰ সমৰ্থকে প্ৰচাৰ চলালেও ধুবুৰী জিলাত এইবাৰৰ নিৰ্বাচনত বিজেপিয়েহে উন্নত ফলাফল প্ৰদৰ্শন কৰা বুলি বহুতেই চৰ্চা কৰিছে। তদুপৰি নিৰ্বাচনৰ ফলাফল অনুসৰি পাঁচটাকৈ জিলা পৰিষদ সমষ্টি দখল কৰি বিজেপিয়ে সংখ্যালঘু অধ্যুষিত ধুবুৰী জিলাত নিজৰ শক্তিশালী স্থিতিৰ কথাকেই প্ৰমাণ কৰি দেখুৱালে বুলি ৰাজনৈতিক মহলে মন্তব্য কৰা দেখা গৈছে।

বিজেপি দলে বিলাসীপাৰা বিধানসভা সমষ্টিৰ শালকোচা জিলা পৰিষদ সমষ্টি আৰু ৰাণীগঞ্জ জিলা পৰিষদ সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে গোলকগঞ্জ বিধানসভা সমষ্টিৰ গোলকগঞ্জ জিলা পৰিষদ সমষ্টি, গংগাধৰ জিলা পৰিষদ সমষ্টি আৰু আগমনি-হালাকুৰা জিলা পৰিষদ সমষ্টিকে ধৰি মুঠ ৫ টা জিলা পৰিষদ সমষ্টিত জয়লাভ কৰিছে।

কংগ্ৰেছে মতিৰচৰ, ফলিমাৰী, লক্ষীগঞ্জ, আদাবাৰী, সিন্দুৰাই, ঝগৰাৰপাৰ, ৰূপসী, বাহিৰ শালমাৰা, পানবাৰী-ৰাঙামাটি আৰু ৰায়ডাক এই ১০ টা জিলা পৰিষদ সমষ্টিত জয়লাভ কৰা বুলি জানিব পৰা গৈছে। এআইইউ ডিএফে ধুবুৰীৰ গাছপাৰা জিলা পৰিষদ সমষ্টি, চলাকুৰা আৰু ফকিৰগন্জ -আইৰকাটা এই ৩ টা জিলা পৰিষদ সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলে মহামায়া জিলা পৰিষদ সমষ্টিটো পোন প্ৰথমবাৰৰ বাবে নিজৰ দখললৈ আনে। 

ইপিনে নায়েৰআলগা-টিলাপাৰা জিলা পৰিষদ সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছৈ।  আকৌ আঞ্চলিক পঞ্চয়তৰ ১২৮ টা সদস্য পদৰ নিৰ্বাচনত কংগ্ৰেছে ৬২ টা, বিজেপিয়ে ২০ টা, অগপই ৬ টা, ৰাইজৰ দলে ২টা, এআইইউডি এফে ১৯ টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১৯ টা কৈ আসনত জয়ী হৈছে। 

ধুবুৰী জিলা পৰিষদৰ নিৰ্বাচনী ফলাফল অনুসৰি এআইইউ ডিএফ দল এক প্ৰকাৰ ধুবুৰী জিলাৰ পৰা নিঃশেষ হৈ যোৱা বুলি বহুতেই ক'ব বিচাৰিছে। ধুবুৰী বিধানসভা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক নজৰুল হক আৰু গৌৰীপুৰ বিধান সভা সমষ্টিৰ এআইইউ ডিএফৰ বিধায়ক নিজানুৰ ৰহমানৰ সমষ্টিত এআইইউ ডিএফ এক প্ৰকাৰ শূণ্য বুলিয়েই ক'ব পাৰি। 

ধুবুৰী বিধানসভা সমষ্টিৰ ৪ টা জিলা পৰিষদ সমষ্টিৰ ফলিমাৰী, আদাবাৰী আৰু মতিৰচৰত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে অকল গাছপাৰা জিলাপৰিষদ সমষ্টিত এ আই ইউ ডি এফ জয়ী হৈছে। আনহাতে গৌৰীপুৰ বিধানসভা সমষ্টিৰ পানবাৰী-ৰাঙামাটি, ৰূপসী, সিন্দুৰাই জিলা পৰিষদ সমষ্টিত কংগ্ৰেছে জয়যুক্ত হোৱাৰ সমান্তৰাল কৈ মহামায়া জিলা পৰিষদত ৰাইজৰ দলে জয়লাভ কৰা দেখা গৈছে। 

মুঠতে গৌৰীপুৰ সমষ্টিত এআইইউডিএফ শূণ্য স্থান দখল কৰিছে। এটা সময়ত ধুবুৰী জিলাৰ দুৰ্গ বুলি অভিহিত কৰা এআইইউডিএফ দলৰ শোচনীয় স্থিতিয়ে দলৰ একাংশ বিধায়ক-নেতাৰ অহংকাৰৰ বাবেই ধুবুৰী জিলাত ৰাইজে এইবাৰ বদৰউদ্দিন আজমলৰ এআইইউডিএফ দলটোক উচিত শিক্ষা দিছে বুলি বহুতেই মন্তব্য কৰা দেখা গৈছে।

আনপিনে ধুবুৰীৰ মতিৰচৰ জিলা পৰিষদ সমষ্টিৰ পৰা জয়ী হোৱা কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী বেবী বেগমে আজি ক্ষোভেৰে কয় যে, পঞ্চায়ত নিৰ্বাচনত ৰাইজে এইবাৰ কংগ্ৰেছক আঁকোৱালি লোৱাৰ পৰিৱৰ্তে ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ দুই বিধায়কৰ দৰ্প চূৰ্ণ কৰি ৰাইজে উচিত প্ৰত্যুত্তৰ দিছে।

উল্লেখযোগ্য যে এইবাৰৰ পঞ্চয়ত নিৰ্বাচনত ৰাইজৰ দলে সংখ্যালঘু মুছলিম অধ্যুষিত মহামায়া জিলা পৰিষদটোত দখল কৰাত ৰাইজৰ দলেও যে ধুবুৰী জিলাৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত খোপনি পোতাত সফল হৈছে বুলিও দলটোৱে এক বাৰ্তা অন্যান্য ৰাজনৈতিক দলসমূহক জনাই দিয়ে বুলি ৰাজনেতিক পৰ্যৱেক্ষক মহলে মন্তব্য কৰে।

পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত