কুম্ভীৰগ্ৰাম বিমান বন্দৰত হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু আমিনুল হক লস্কৰক উষ্ম আদৰণি

গৰুখুটিৰ কেলেংকাৰি, উচ্ছেদ আদি প্ৰসংগ ঢাকিবলৈ বৰ্তমান বিজেপি চৰকাৰে গো মাংস আৰু গাহৰি মাংস প্ৰসংগ উত্থাপন কৰি ৰাজনীতি মেৰুকৰণ কৰিব বিচাৰিছে...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ: "বিজেপিৰ অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ, মন্ত্ৰী পত্নীৰ ফাৰ্মৰ চাবচিদি, গীৰগাই আৰু গৰুখুটিৰ কেলেংকাৰি, উচ্ছেদ আদি প্ৰসংগ ঢাকিবলৈ বৰ্তমান বিজেপি চৰকাৰে গো মাংস আৰু গাহৰি মাংস প্ৰসংগ উত্থাপন কৰি ৰাজনীতি মেৰুকৰণ কৰিব বিচাৰিছে"-এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত উপ সভাপতি তথা বিশিষ্ট আইনজীৱী হাফিজ ৰচিদ‌ আহমেদ চৌধুৰীৰ।

Advertisment

কংগ্ৰেছে সকলো জাতি ধৰ্মাৱলম্বী লোকক লৈ গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদৰ অপব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰে হাফিজ ৰচিদ‌ আহমেদে।

 ইফালে মিত্ৰতা সন্দৰ্ভতো‌ মন্তব্য আগবঢ়ায় তেওঁ কয়, গৰুখুটি আৰু গীৰগাই কেলেংকাৰিয়ে এইবাৰ বিজেপিক ডুবাব। গীৰগাই আৰু গৰুখুটি কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সুৰক্ষা দি আহিছে।

উল্লেখ্য যে, গৌৰৱ গগৈৰ নেতৃত্বত হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু সোণাইৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মঙলবাৰে শিলচৰত উপস্থিত হয় দুয়োগৰাকী নৱ নিৰ্বাচিত কংগ্ৰেছ নেতা।

কুম্ভীৰগ্ৰাম বিমান বন্দৰত অৱতৰণ কৰাৰ পিচত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু আমিনুল হক লস্কৰক উষ্ম আদৰণি জনায়। ইয়াৰ পিচত কেইবাশ গাড়ীৰ সমদল কৰি কংগ্ৰেছ নেতা দ্বয়ক শিলচৰলৈ আদৰি অনা হয়।

ইফালে, গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত বৰ্তমান সমগ্ৰ অসমৰ মানুহৰ মাজত এক নতুন উৎসাহ দেখা গৈছে বুলি মন্তব্য কৰিছে সোণাইৰ প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে।

তেওঁ কয়, বিজেপিৰ অপ শাসনৰ পৰা মানুহে মুক্তি  বিচাৰিছে। কেতিয়া নিৰ্বাচন হ'ব আৰু গৌৰৱ গগৈৰ নেতৃত্বত কেতিয়া চৰকাৰ গঠন হ'ব, তালৈ অপেক্ষা কৰি আছে অসমৰ ৰাইজে। আজি কাছাৰৰ কংগ্ৰেছ কৰ্মী সকলে হিলদল ভাঙি ওলাই অহা তাৰেই প্ৰমাণ বুলিও মন্তব্য কৰে আমিনুল হক লস্কৰে।‌

কংগ্ৰেছ