/asomiyapratidin/media/media_files/2025/02/18/LTI4RspoQOG2tNJ3AScB.jpg)
কংগ্ৰেছ
ডিজিটেল ডেস্কঃ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বাচনিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছে। কংগ্ৰেছে প্ৰশ্ন কৰিছে যে, কিয় মাজনিশা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নাম ঘোষণা কৰা হ'ল। এনে এটা সন্মানীয় এটা পদবীৰ ঘোষণা মাজনিশা কিয় কৰা হ'ল, সেই প্ৰশ্ন বিজেপি চৰকাৰক কৰিছে কংগ্ৰেছ নেতৃত্বই।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে মাজনিশা ঘোষণা কৰা হৈছিল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নাম। সোমবাৰে দিনৰ ভাগত নিৰ্বাচন মণ্ডলীৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল যে, দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হব জ্ঞানেশ কুমাৰৰ নাম।
লক্ষ্যণীয়ভাৱে এই নিৰ্বাচনী মণ্ডলীত আছিল দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিৰোধী দলপতি ৰাহুল গান্ধী। এই নিৰ্বাচনী মণ্ডলীৰ বৈঠকত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে এতিয়াই নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়াক লৈ আপত্তি দৰ্শাইছিল বুলি কংগ্ৰেছে দাবী কৰিছে।
এইবাৰৰ মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচন এখন নতুন আইনৰ জৰিয়তে কৰা হৈছে। এই আইনখনক লৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ কিছু স্পষ্টীকৰণ বাকী থকাৰ কথা সদৰি কৰিছে কংগ্ৰেছে। তেনেস্থলত এইদৰে মাজনিশা দেশৰ নিৰ্বাচন আয়ুক্তৰ নাম ঘোষণা কৰাক লৈ ৰহস্যৰ গোন্ধ পাইছে কংগ্ৰেছে।
প্ৰণিধানযোগ্য যে, পূৰ্বে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্বাচনী পেনেলত আছিল দেশৰ মুখ্য ন্যায়াধীশো। কিন্তু নতুনকৈ প্ৰণয়ন কৰা আইনখনত দেশৰ মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে কেন্দ্ৰীয় গৃহমন্ত্ৰীক অন্তভূক্ত কৰা হৈছিল। তাৰ পিছতেই বিৰোধীৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।
বিৰোধীয়ে অভিযোগ দৰ্শাইছিল যে, এনেদৰে নিৰ্বাচন মণ্ডলীত চৰকাৰৰ প্ৰতিনিধি বেছিকৈ থাকিলে নিৰপেক্ষ নহবও পাৰে নিৰ্বাচনী প্ৰক্ৰিয়া। গতিকে এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। এনে এক দোধোৰ মোধোৰ পৰিস্থিতিৰ মাজতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিক লৈ আপত্তি দৰ্শাইছে কংগ্ৰেছে।