/asomiyapratidin/media/media_files/2025/02/18/UxSI1t2Y7YHzqwZmO6Um.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: অসম লোকসেৱা আয়োগৰ নিযুক্তি খেলিমেলি সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আদৰণি জনাইছে। ২০১৩-১৪ বৰ্ষত নিয়ম বৰ্হিভূতভাৱে যদি নিযুক্তি হৈছিল তাৰ উচিত তদন্ত হ’ব লাগে আৰু অনিয়ম সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম লোকসেৱা আয়োগক কেতিয়াও ৰাজনীতিকৰণ কৰা নাছিল আৰু আয়োগক সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে কাম কৰাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিছিল। এই কথা সেই সময়ৰ আয়োগৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰী আৰু অসম চৰকাৰৰ উচ্চপদস্থ আমোলাসকলে জানে।
লক্ষণীয় কথাটো হ’ল লোকসেৱা আয়োগৰ অধ্যক্ষৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমত এইবুলিও বাতৰি প্ৰকাশ হৈছিল যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত প্ৰস্তুত কৰা প্ৰাৰ্থীৰ তালিকা লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ ফ্লেটত পোৱাৰ বাবে তদন্ত লেহেমীয়া হৈছিল।
এইখন চৰকাৰে বৰ্তমানলৈকে ৰাকেশ পালৰ ভাতৃৰ সন্ধানেই উলিয়াব পৰা নাই। ৰাকেশ পালৰ ভাতৃৰ ছপাশালতেই এপিএছচিৰ প্ৰশ্নকাকত প্ৰস্তুত হোৱা বুলি অভিযোগ উঠিছিল। লক্ষণীয়ভাৱে বিজেপিৰ এজন প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ খুলশালীসহ ৯ আত্মীয় লীনা দাস, নিৰ্মালী দাস, ভাৰ্গৱমণি দাস, মনদীপ দাস, ড০ দেৱাশিষ দাস, নৰেশ্বৰ দাস, কল্পনা দাস, থানুৰাম দাস আৰু দেৱেন্দ্ৰ দাসক বক্ৰপথেৰে চাকৰি দিছিল।
আগতীয়াকৈ প্ৰশ্নকাকত দিয়া হৈছিল ভাৰ্গৱমণি দাসক। সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তৰ ঘনিষ্ঠ প্ৰাক্তন বিধায়ক দাসৰ নাম ৰহস্যজনকভাৱে প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হোৱা নাই৷ স্বচ্ছ আৰু নিকা প্ৰশাসনৰ নামত বিজেপি চৰকাৰে কিমান দুৰ্নীতি কৰিছে সেই কথা কেগৰ পৃষ্ঠাই পৃষ্ঠাই লিপিৱদ্ধ হৈছে। দুৰ্নীতিৰ সদাগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আজি বিজেপিৰ সভাপতিয়ে যি নিকা ভাৱমূৰ্তিৰ প্ৰমাণপত্ৰ দিছে সেয়া হাস্যকৰ।
উল্লেখ্য যে, এই প্ৰতিবেদনখন ৩ বছৰ ধৰি পেলাই থোৱা হৈছিল। এতিয়া নিৰ্বাচনলৈ এবছৰ বাকী থকা অৱস্থাত প্ৰতিবেদনখন ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খোজা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত এইদৰে কয়।