বিটিআৰ নিৰ্বাচনক লৈ তৎপৰ কংগ্ৰেছৰ সামাজিক মাধ্যম...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ অধ্যক্ষতাত সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ এখন কৰ্মশালা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
rr

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  আজি কোকৰাঝাৰত আগন্তুক বিটিআৰ নিৰ্বাচন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ অধ্যক্ষতাত সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ এখন কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালা খনিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়িকা সায়ন্তনি ৰয়ে প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহ তত্বাবধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ক্ৰমে জাকিৰ হুছেইন সিকদাৰ, ৰোজলিনা তিৰ্কী, প্ৰদীপ সৰকাৰ, বিধায়ক সোবাহান আলি সৰকাৰ উপস্থিত থাকে।

লগতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ অন্তৰ্গত কৰ্মী সকল উপস্থিত থাকে। কৰ্মশালাত বিটিআৰ গঠনৰ লক্ষ্যৰে কেতবোৰ ৰণনীতি তৈয়াৰ কৰা হয়।

কোকৰাঝাৰ