/asomiyapratidin/media/media_files/2025/07/07/kkkk-2025-07-07-16-41-13.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: প্ৰকৃত গো-পালকক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰি বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কে গৰুখুটিলৈ অনা কেইবাজনীও গীৰ গাই চোৰৰ দৰে নিজৰ গোহালীলৈ ৰঙিয়া ষ্টেচনৰ পৰা পোনে পোনে লৈ যোৱা বিষয়টোক কেন্দ্ৰ কৰি সমগ্ৰ অসমত ব্যাপক প্ৰতিক্ৰিয়া আৰু উত্তেজনা অব্যাহত থকাৰ সময়তে সোমবাৰে গহপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ নেতৃত্বত ৰূপায়ণ হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত গহপুৰ বিধান সভা সমষ্টিৰ ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ কেইবাশতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। দিনৰ প্ৰায় ১১-৩০ বজাত গহপুৰ নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি অহা প্ৰতিবাদকাৰী কংগ্ৰেছৰ নেতা-কৰ্মীসকলে জয়ন্ত মল্ল বৰুৱা গৰু চোৰ, উৎপল বৰা গৰু চোৰ, বিজেপি মুৰ্দাবাদ, জয়ন্ত মল্লক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত কৰক, উৎপল বৰাক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল'গান দি গহপুৰ সমজিলা আয়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।
এই প্ৰতিবাদী কাৰ্য্যসূচীৰ নেতৃত্ব দি ৰিপুন বৰাই কয় যে, "অসমত সংঘটিত হোৱা গীৰ গাই কেলেংকাৰীয়ে সমগ্ৰ ভাৰতক জোকাৰি গৈছে। গৰুখুটি প্ৰকল্পলৈ অনা গীৰ গাই ৰঙিয়া ৰে'ল ষ্টেচনৰ পৰা হৰলুকি হোৱা বিষয়টোৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৰে গহপুৰৰ বিধায়ক উৎপল বৰাৰো নাম সাঙোৰ খাই পৰিছে। গৰুখুটিলৈ বুলি অনা গীৰ গাই সমূহৰ ভিতৰৰ চাৰিজনী গীৰ গাই অতি সন্তপৰ্ণে বিধায়ক উৎপল বৰাই আনি নিজৰ গোহালী শোৱনি কৰা" বুলি উল্লেখ কৰি ৰিপুন বৰাই কয় যে "নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়া বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কে গীৰ গাই সমূহকো ৰেহাই নিদিলে।গৰুখুটিলৈ চৰকাৰী পূঁজিৰে অনা কেইবাজনীও গীৰ গাই ভাগ-বাতোৱাৰা কৰি চোৰৰ দৰে নি নিজৰ নিজৰ গোহালী শোৱনি কৰা সংশ্লিষ্ট মন্ত্ৰী-বিধায়ক সকলৰ বিৰুদ্ধে এক ন্যায়িক তদন্ত হ'ব লাগে" বুলি উল্লেখ কৰে ৰিপুন বৰাই ।
তেওঁ লগতে উল্লেখ কৰে যে, "গীৰ গাইৰে নাম সাঙোৰ খোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত আৰু বিধায়ক উৎপল বৰাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে চৰকাৰে। গীৰ গাইৰ কেলেংকাৰীৰ লগত বিধায়ক উৎপল বৰাৰ নাম সাঙোৰ খোৱা বিষয়টোৱে ঐতিহ্যমণ্ডিত গহপুৰ সমষ্টিৰ গুণ গৰিমাত যথেষ্ট আঘাট হানিছে।"
ইয়াৰ উপৰিও ৰিপুন বৰাই তাৎপৰ্য পূৰ্ণভাবে সদৰি কৰে যে, "যোৱা নটা বছৰত বিধায়ক উৎপল বৰাই হাৱাজানৰ পৰা টকৌবাৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে ক্ৰয় কৰা মাটি সম্পত্তিৰ তালিকা ৰাজহুৱা কৰা হ'ব। বিধায়ক হোৱাৰ নটা বছৰৰ ভিতৰত বিধায়ক উৎপল বৰাই পূৰ্বৰ তুলনাত গোটোৱা সা- সম্পত্তিৰো হিচাপ ৰাজহুৱা কৰা হ'ব" বুলি উল্লেখ কৰে ৰিপুন বৰাই। আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত বিশ্বনাথ জিলা কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি প্ৰশান্ত হাজৰিকা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সম্পাদক ধ্ৰুৱ বৰা, ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰাম কুমাৰ প্ৰধান, পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি হেম বৰুৱা প্ৰমুখ্যে বহুকেইগৰাকী জিলা আৰু ব্লক পৰ্য্যায়ৰ নেতা-নেত্ৰীয়ে অংশগ্ৰহণ কৰে।