/asomiyapratidin/media/media_files/2025/07/27/ap-for-web-cong-2025-07-27-22-58-48.jpg)
ডিজিটেল সংবাদ, বাক্সা : বিটিচি নিৰ্বাচনকলৈ মাজত মাত্ৰ আৰু এটা মাহ । সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰি ইতিমধ্যে অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰচাৰ অভিযান ।
পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দলো । কংগ্ৰেছ দলেও এইবাৰ তেওঁলোকৰ আসন লাভৰ স্বাৰ্থত ইখনৰ পিছত সিখনকৈ সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে ।
দেওবাৰে বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পলাশগুৰীত দলটোৱে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচন কিদৰে খেলিব পৰা যাব তাক লৈ তিনিজন পৰ্যবেক্ষকৰ সৈতে এক বিশেষ বাৰ্তালাপত মিলিত হয় । তেওঁলোকৰ মতে দলটোৱে এইবাৰ ১৫ ৰ পৰা ১৮ খন আসন লাভ কৰি বিটিচিত এইবাৰ চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত বুলি দাবী কৰে ।
কাৰণ বিজেপিৰ অন্যায়, অত্যাচাৰত তথা ভূৱা প্ৰতিশ্ৰুতিত ৰাইজ বৰ্তমান অতিষ্ঠ বুলিও জানিবলৈ দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে । সেয়েহে এইবাৰ ৰাইজে পৰিবৰ্তন বিচাৰিছে আৰু মুখত যি নকলেও ৰাইজে এইবাৰ কংগ্ৰেছকে ভোট দিব বুলি দৃঢ়তাৰে কয় কংগ্ৰেছ দলৰ নেতা বাক্সা জিলাৰ সভাপতিগৰাকীয়ে ।