কংগ্ৰেছৰ পৰা পলৰীয়া মুখ্যমন্ত্ৰী শৰ্মাই হেৰুৱাইছে মানসিক সন্তুোলন…

কংগ্ৰেছৰ পৰা পলৰীয়া মুখ্যমন্ত্ৰী শৰ্মাই হেৰুৱাইছে মানসিক সন্তুোলন…

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন বছৰৰ প্ৰথমখন সংবাদমেল সম্বোধন…

ডিজিটেল ডেস্ক: "পৰাজয় হ'ব বুলি গ'ম পাই অসমৰ (কংগ্ৰেছৰ পৰা পলৰীয়া)মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুোলন হেৰুৱাই ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে"- এই মন্তব্য কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালৰ।

Advertisment

১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচন। বিজেপি প্ৰাৰ্থীৰ বাবেই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে শুকুৰবাৰে উত্তৰাখণ্ডত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

শুকুৰবাৰে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক লৈ বিভিন্ন কটাক্ষমূলক মন্তব্য কৰে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি শৰ্মাই কয় যে "কেতিয়াবা আমি প্ৰমাণ বিচাৰিছো নেকি যে আপুনি ৰাজীৱ গান্ধীৰ পুত্ৰ"?

মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পিছতেই কংগ্ৰেছে এই মন্তব্যৰ বিৰোধিতা কৰিছে। কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালে কয় যে "পৰাজয় আগত দেখি অসমৰ (কংগ্ৰেছৰ পৰা পলৰীয়া) মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুোলন হেৰুৱাই পেলাইছে আৰু ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে। মোদীজীৰ নিষ্ঠা প্ৰাপ্তি কৰিবৰ বাবে নিজৰেই পুৰণি পাৰ্টীক গালি দিয়াটো আৱশ্যক। এয়া হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বল চিন্তা ধাৰাৰ প্ৰমান"।


— Randeep Singh Surjewala (@rssurjewala) February 11, 2022

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে পাকিস্তানত হোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমান বিচৰা সন্দৰ্ভত এই মন্তব্য কৰে শৰ্মাই। তেওঁ কৈছিল যে "ৰাহুলে চাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত প্ৰমান বিচাৰিছিল।জেনেৰেল বিপিন ৰাৱাট আমাৰ গৌৰৱ আছিল, তেওঁৰ নেতৃত্বতে পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল। কিন্তু ৰাহুল গান্ধীক প্ৰমাণ লাগে। আমি কেতিয়াবা প্ৰমাণ বিচাৰিছো নেকি যে তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ"।

himanta biswa sarma congress rahul gandhi