বিজেপিয়ে ধৰ্মৰ নামত নিৰ্বাচনত জয়ী হৈছে: কংগ্ৰেছ

বিজেপিয়ে ধৰ্মৰ নামত নিৰ্বাচনত জয়ী হৈছে: কংগ্ৰেছ

author-image
asomiyapratidin
New Update
মোডী,শ্বাহৰ লগতে বিজেপিৰ ৪০ গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰে প্ৰচাৰ চলাব অসমত…

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদৰ্শনৰ পাছতেই প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছ নেতৃত্বৰ ওপৰত। এইবাৰ বিজেপিক কটাক্ষ কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলোটে।

Advertisment

উত্তৰ প্ৰদেশত বিজেপি জয়ী হোৱাৰ ওপৰত গহলোটে কয় যে এয়া জয় নহয়। তেওঁলোকে ধৰ্মৰ নামত নিৰ্বাচনত জয়ী হৈছে। দেশত মাত্ৰ এজনেই ব্যক্তি আছে যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনাব পাৰে, তেওঁ হ'ল ৰাহুল গান্ধী।

গহলোটে কয় যে "ভয় কৰাৰ কোনো প্ৰয়োজন নাই। নিৰ্বাচনত জয়ী হোৱাটো ডাঙৰ কথা নহয়। উত্থান-পতন আমিও দেখিছো। আজি দেশ চিন্তিত, লগতে জনতাই এয়াও জানে যে কংগ্ৰেছ আৰু অধিক শক্তিশালী হোৱাৰ প্ৰয়োজন আহি পৰিছে যাতে ফেচিষ্ট শক্তিৰ সৈতে যুঁজ দিব পাৰে"।

তেওঁ কয় যে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৰাইজৰ বাবে কি কৰিছে সেয়া পাছত দেখা পোৱা যাব। তদুপৰি দেশত মাত্ৰ ৰাহুল গান্ধীয়েই আছে যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনাব পাৰিব।

উল্লেখ্য যে, কিছুদিন পূৰ্বেই ঘোষণা হয় ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল। এই ৫ ৰাজ্যৰ কোনো এখনতেই কংগ্ৰেছ দলে ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিল। আনকি কংগ্ৰেছৰ দখলত থকা পঞ্জাৱো আপৰ হাতলৈ যায়।

congress narendra modi bjp rahul gandhi