Advertisment

আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী...

মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা প্ৰতিবাদী সমদল উলিয়াব কংগ্ৰেছে। এপিচিচি ৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কাৰ্যসূচীত অংশ লোৱা উদ্দেশ্যে যুৱ কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি উদয় ভানু শিৱৰ নেতৃত্বত এটা দল গুৱাহাটীলৈ আহিছিল।

author-image
Asomiya Pratidin
New Update
ী

ডি়জিটেল সংবাদ,গুৱাহাটীঃ  আজি জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব প্রদেশ কংগ্রেছে। দিনৰ ১১ বজাত এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াকে লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন। ইতিমধ্যে জনতা ভৱনৰ চৌদিশে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

Advertisment

জানিব পৰা মতে, মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা প্ৰতিবাদী সমদল উলিয়াব কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ইফালে এই কাৰ্যসূচীত অংশ লোৱা উদ্দেশ্যে যুৱ কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি উদয় ভানু শিৱৰ নেতৃত্বত এটা দল গুৱাহাটীলৈ আহিছিল।

লগে লগে গুৱাহাটীত কংগ্রেছ কৰ্মীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই দলটোৰ কেবাজনো নেতাক এখন হোটেলত আৱদ্ধ কৰি ৰাখে। যুৱ কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি উদয় ভানু শিৱৰ লগতে অসম প্রদেশ যুৱ কংগ্রেছৰ সভাপতি জুবেৰ আনমক হোটেল ইৰিছত আৱদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল। এই ঘটনাত বহু কেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ নেতা এগৰাকীৰ মৃত্যু হৈছিল। এই ঘট নাৰ পাছতে জনতা ভৱন ঘেৰাও কৰা হ'ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰিছিল কংগ্ৰেছে। 

 

কংগ্ৰেছ