ৰাহুল গান্ধীক ই ডিৰ জেৰা, জোনাইত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী পালন

ৰাহুল গান্ধীক ই ডিৰ জেৰা, জোনাইত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী পালন

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীক ই ডিৰ জেৰা, জোনাইত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী পালন

ডিজিটেল সংবাদ, জোনাই : মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু শাখা সংগঠনৰ সহযোগত মঙলবাৰে জোনাই সদৰৰ দৈনিক বজাৰ পথত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ই ডিয়ে একেৰাহে তিনিদিন ধৰি আক্রোশমূলকভাৱে জেৰা কৰি থকা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কার্যালয় আৰু অসম প্রদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বিজেপি চৰকাৰৰ পুলিচ বাহিনীৰ অত্যাচৰৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

ধৰ্ণা কাৰ্যসূচী পালন কৰি কংগ্ৰেছৰ প্ৰতিবাদীসকলে গণতান্ত্ৰক ৰক্ষা কৰক, বিজেপি চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোডী মিছলীয়া, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ, অমিত চাহ হায় হায় আদি শ্লগানেৰে ৰাজপথত উত্তাল পৰিবেশ সৃষ্টি কৰে। এই ধৰ্ণা কাৰ্যসূচীত মুর্কংচেলেক ব্লক কংগ্ৰেছৰ সভাপতি সঞ্জয় পেগু, সম্পাদক মৃণালী দলে, ৰশ্মি দলে, ডিম্পল দলে, ৰাখেশ পেগু, ধেমাজি জিলা কংগ্ৰেছৰ উপ-সভাপতি বিজয় পেগু, জিলা সম্পাদক ৰুদ্ৰ দৈমাৰী, মুৰ্কংচেলেক ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰীণা পেগু, জিলা মহিলা কংগ্ৰেছৰ সম্পাদক অনু দলে, কৰুণা পাইত, সবিতা টাইদ, তেলাম পঞ্চায়তৰ কাউন্সিলৰ কনকলতা পাতিৰ, চিমেন চাপৰি পঞ্চায়তৰ কাউন্সিলৰ টুটুমণি দত্ত, সভাপতি ডম্বৰু কোঁৱৰ লগতে মুৰ্কংচেলেক ব্লক কংগ্ৰেছ, ব্লক মহিলা কংগ্ৰেছ, ব্লক যুৱ কংগ্ৰেছ, ব্লক এন এছ ইউ আই, ব্লক সেৱা দল, ব্লক য়ং ব্ৰিগেট, জনজাতি কোষ, সংখ্যা লঘু কোষৰ মণ্ডল সভাপতি-সম্পাদক আৰু বিভিন্ন বুথ কমিটীৰ কৰ্মকৰ্তাই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ইপিনে ধৰ্ণা কাৰ্যসূচীত মুৰ্কংচেলেক কংগ্ৰেছৰ সভাপতি সঞ্জয় পেগুৱে সম্পূৰ্ণ আক্ৰোমূলকভাৱে বিজেপি চৰকাৰে ই ডিৰ জৰিয়তে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক বাৰে-বাৰে জেৰা কৰা বুলি অভিযোগ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ গণতান্ত্ৰক হত্যা কৰিব বিচাৰা বুলি চোকা সমালোচনা কৰে।

তদুপৰি তেওঁ অগ্নিপথ আচঁনিকো চোকা সমালোচনা কৰাৰ লগতে নিৰ্বাচনৰ সময়ত অসমলৈ বাৰে বাৰে অহা প্ৰধান মন্ত্ৰীয়ে বানপানীৰ সময়ত অসমক অৱহেলা কৰাৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰৰ বাবে নৰেন্দ্ৰ মোডীক বিফল আৰু মিছলীয়া প্ৰধান মন্ত্ৰী বুলি কটাক্ষ কৰে।

আৰু পঢ়ক: মুখ্যমন্ত্ৰীৰ খং…

protest congress sddsm