/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-19/itdpez3r/26.jpg)
ডিজিটেল ডেস্কঃ ৰূপহীহাটত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। ১৫ অক্টোবৰত চামগুৰিত সংঘটিত হৈছিল কংগ্ৰেছ-বিধায়কৰ সংঘৰ্ষ। কংগ্ৰেছৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ যোৱা লোকক আক্ৰমণ কৰা ঘটনাৰ বিৰোধিতাৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ।
ৰূপহীহাট থানাৰ সন্মুখত প্ৰতিবাদ কৰে কংগ্ৰেছ নেতৃত্বই। ঘটনাস্থলীত শতাধিক আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়ন কৰা হয়। প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে আৰক্ষীয়ে। ইফালে আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে।
ধৰ্ণা কাৰ্যসূচীত অংশ লয় সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়িকা শিবামণি বৰা, ৰেকিবুদ্দিন আহমেদৰ লগতে বহু সংখ্যক কংগ্ৰেছী নেতা-কৰ্মী।
Also Read: ২৮ বছৰৰ পাছত আকৌ চৰ্চাত ৰাজ্যৰ এটা ৰাজনৈতিক হত্যাকাণ্ড...