/asomiyapratidin/media/media_files/2025/06/12/NB43V8xUGClMZqOcthXw.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : বৃহস্পতিবাৰে দৰং জিলা ৰাজীৱ ভৱনত কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত মহিলা কংগ্ৰেছৰ সভাপতি তথা দৰং জিলা কংগ্ৰেছ পয্যাবেক্ষক মীৰা বৰঠাকুৰ আৰু দ্বীপ বায়ন উপস্থিত থাকে।
সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। বেটি বচাও বেটি পঢ়াও বুলি কোৱা বিজেপিয়ে ৭ হাজাৰ স্কুল বন্ধ কৰিলে, অসমৰ মহিলাই বক্ৰপথেৰে সতীত্ব বন্ধকত থৈ চাকৰি কৰা বুলি মহিলাক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে।
বিহাৰ, ইউ পিতকৈ অসমৰ অবস্থা বেয়া হৈছে। সকলোৰে যদি বিকাশেই হৈছে ইমান নিবনুৱা সমস্যা কিয় বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে মীৰা বৰঠাকুৰে। অসমৰ যুৱক- যুৱতী ৭-৮ হাজাৰ টকাত কাম কৰিবৰ বাবে বহিঃৰাজ্যলৈ যাব লগা হৈছে বুলিও মন্তব্য কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে।
তাৰোপৰি মীৰা বৰঠাকুৰে ২০২৬চনত নিশ্চিতভাৱে গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ হ'ব বুলি দাবী কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱী অসমীয়াই যদি হয়, গৌৰবী অসমীয়াই অসমৰ ভূমি বহিঃৰাজ্যৰ বণিয়াক পানীৰ দৰত কিয় বিক্ৰী কৰিছে বুলি প্ৰশ্ন কৰে। তেওঁ আৰু কয়- আদানি, আম্বানি, পতঞ্জলি আৰু অমিত শ্বাহৰ পুত্ৰৰ নামত উৎসৰ্গিত কৰিছে অসমৰ ভূমি।
আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত শাসনৰ বাঘজৰী গৌৰৱ গগৈৰ হাতত অৰ্পণ কৰিলে নিশ্চিতভাৱে অসম ৰক্ষা পৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই মীৰা বৰঠাকুৰে। সংবাদমেলত জিলা সভাপতি মাধৱ ৰাজবংশী, ৰাজ্যিক সম্পাদক কন্দৰ্প কলিতা, জিলা কংগ্ৰেছ উপ-সভাপতি ৰিজুমণি তালুকদাৰৰ লগতে জিলা কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থাকে।
আনহাতে দৰং কংগ্ৰেছৰ পৰ্য্যবেক্ষক তথা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ সন্মুখতে মঙলদৈ ৰাজীৱ ভৱনত একাংশ কংগ্ৰেছ কৰ্মীয়ে ক্ষোভ উজাৰে। পঞ্চায়ত নিৰ্বাচনত দৰঙৰ বেছিমাৰী জিলা পৰিষদ সমষ্টিত ব্লক কংগ্ৰেছৰ সভাপতিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীক সহায় কৰাৰ পৰিৱেৰ্তে এ আই ইউ ডি এফ দলক সহায় কৰা বুলি জনায়।