অশোক গেহলটৰ পিছত দিগ্বিজয় সিঙো আঁতৰিলঃ এইবাৰ ৰণত নামিল মল্লিকাৰ্জুন খাৰ্গে...

কোন হ'ব কংগ্ৰেছৰ সভাপতি? আঁতৰা নাই সমস্যা...
CONGRESS PRESIDENT ELECTION
CONGRESS PRESIDENT ELECTION

ডিজিটেল ডেস্কঃ কোন হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি? এই প্ৰশ্নৰ সঠিক উত্তৰ এতিয়াও স্পষ্ট হোৱা নাই। ৰাজস্থানৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে অশোক গেহলটৰ প্ৰতিদ্বন্দিতাৰ আশা নিৰ্বাপিত হোৱাৰ পিছত কংগ্ৰেছৰ শীৰ্ষ নেতা দিগ্বিজয় সিঙে শশী ঠাৰুৰৰ বিৰুদ্ধে সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও নাটকীয় ভাৱে তেওঁ এই নিৰ্বাচনৰ পৰা দূৰত্বত অৱস্থান গ্ৰহণ কৰিলে। এনে প্ৰেক্ষাপটত প্ৰশ্ন উঠিছে, কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? অৱশেষ শশী ঠাৰুৰেই হ'বগৈ নেকি দলটোৰ সভাপতি?

শেহতীয়াকৈ সভাপতি নিৰ্বাচনৰ এই যুঁজখনত নাম অন্তৰ্ভুক্ত হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতা মল্লিকাৰ্জুন খাৰ্গে। গান্ধী পৰিয়ালৰ অনুগত হোৱাৰ বাবেই ছোনিয়া গান্ধীয়ে মল্লিকাৰ্জুন খাৰ্গেক দলটোৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সেউজ সংকেট প্ৰদান কৰিছে।

দিগ্বিজয় সিঙে এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত তেওঁ সভাপতি দৌৰৰ পৰা বাহিৰ হোৱাৰ কথা উল্লেখ কৰি কয় যে- "খাৰ্গেজী মোৰ নেতা আৰু মোৰ জ্যেষ্ঠ। মই তেওঁক কালি সুধিছিলো যে তেওঁ প্ৰতিদ্বন্দিতা কৰিব বিচাৰে নেকি। তেওঁ না ক'লে। মই আজি তেওঁক পুনৰ লগ পাইছিলো। মই তেওঁক কৈছিলো যে যদি আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে, মই সম্পূৰ্ণৰূপে আপোনাৰ সৈতে আছো।''

ইয়াৰ পিছতেই আজি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে। আনহাতে পূৰ্বৰে পৰা চৰ্চাত থকা শশী ঠাৰুৰেও দাখিল কৰিছে মনোনয়ন পত্ৰ। মন কৰিবলগীয়া যে, সভাপতি নিৰ্বাচনৰ দৌৰৰ পৰা বাহিৰ হোৱা দিগ্বিজন সিঙে গান্ধী পৰিয়ালক সাক্ষাত নকৰাকৈয়ে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে পূৰ্বে তেওঁৰ সমৰ্থন অশোক গেহলটৰ পক্ষত আছে বুলি মুকলিকৈ প্ৰকাশ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in