গান্ধী পৰিয়াল আঁতৰিলঃ আজি কংগ্ৰেছে লাভ কৰিব নতুন সভাপতি...

author-image
Asomiya Pratidin
New Update
গান্ধী পৰিয়াল আঁতৰিলঃ আজি কংগ্ৰেছে লাভ কৰিব নতুন সভাপতি...

congress president

ডিজিটেল ডেস্কঃ কংগ্ৰেছে আজি লাভ কৰিব দলটোৰ নতুন সভাপতি। নতুন দিল্লীৰ ২৪ আকবৰ ৰোডস্থিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে দলটোৰ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা সভাপতি নিৰ্বাচনৰ ভোটগণনা। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গেই শেষ হাঁহি মৰাৰ সম্ভাৱনা প্ৰৱল।

Advertisment

আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগণনা। উল্লেখ্য যে ১৭ অক্টোবৰত অনুষ্ঠিত হোৱা সভাপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মুঠ ভোটাৰ আছিল ৯৯০০ গৰাকী। ইয়াৰে ৪০০ গৰাকী ভোটদান কৰাৰ পৰা বিৰত থকাত ৯৫০০ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল।

বেলট পেপাৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ সকলো ৰাজ্যৰ বেলট বক্স খুলি ৯৫০০ খন বেলট পেপাৰ মিহলি কৰি পেলোৱা হৈছে। যাতে কোনখন ৰাজ্যৰ পৰা কোনজন প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিছে সেই কথা জানিব পৰা নাযায়।

উল্লেখ্য যে, যোৱা ১৭ অক্টোবৰত মুঠ ৩৬ টা ভোটকেন্দ্ৰত ৬৭ টা বুথ স্থাপন কৰা হৈছিল। ইয়াৰে সৰ্বাধিক বুথ আছিল উত্তৰ প্ৰদেশত। প্ৰতি ২০০ জন প্ৰতিনিধিৰ বাবে নিৰ্মাণ কৰা হৈছিল এটাকৈ বুথ।

ভাৰত জোড়ো যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীকে ধৰি ৪৭ জন প্ৰতিনিধিয়ে কৰ্ণাটকৰ বেল্লাৰীত ভোটদান সাব্যস্ত কৰিছিল।

CONGRESS PRESIDENT ELECTION