২০ বছৰ পাছত কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন! প্ৰতিদ্বন্দিতা নকৰে গান্ধী পৰিয়ালে

কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত কৰিবলৈ ২০ বছৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে।

author-image
Asomiya Pratidin
New Update
২০ বছৰ পাছত কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন! প্ৰতিদ্বন্দিতা নকৰে গান্ধী পৰিয়ালে

ডিজিটেল ডেস্ক: কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত কৰিবলৈ ২০ বছৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই নিৰ্বাচনত অন্তৰ্ভুক্ত নাই গান্ধী পৰিয়ালৰ কোনো সদস্য। আজি এই নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

Advertisment

কিন্তু এয়াও নিশ্চিত যে গান্ধী পৰিয়ালৰ সমৰ্থন অবিহনে কংগ্ৰেছৰ সভাপতি হোৱাৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰি। কংগ্ৰেছৰ সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে প্ৰিয়ংকা গান্ধী ভাদ্ৰা নতুন কংগ্ৰেছ সভাপতিৰ বাছনি কৰাত সক্ৰিয় ভূমিকা পালন কৰি আছে।

একেৰাহে দুবাৰকৈ লোকসভা নিৰ্বাচনত পৰাজয়ৰ বৰণ কৰাৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পাছতেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচনৰ।

দলৰ একাংশ জ্যেষ্ঠ নেতা সকলে দলৰ এক সাংগঠনিক পৰিৱৰ্তন বিচাৰে, নিৰ্বাচনত প্ৰিয়ংকা গান্ধীৰ সক্ৰিয় ভূমিকাৰ বিষয়ে কয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা সকলৰ মতে প্ৰিয়ংকা গান্ধীয়ে এই নিৰ্বাচনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ দৌৰত প্ৰথম স্থানত আছিল অশোক গেহলোটৰ নাম। কিন্তু এই নিৰ্বাচনৰ পৰা আঁতৰি যায় গেহলোট। গতিকে পৰৱৰ্তী পৰ্যায়ত কোন হ'ব কংগ্ৰেছৰ সভাপতি সেয়া লক্ষণীয় হৈ পৰিব।

congress rahul gandhi sonia gandhi