আৰম্ভ হ'ল কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ মনোনয়ন...

এই মনোনয়ন প্ৰক্ৰিয়া অব্যাহত থাকিব অহা ৩০ ছেপ্টেম্বৰলৈ

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ল কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ মনোনয়ন...

congress president election

ডিজিটেল ডেস্ক: শনিবাৰৰ পৰা আৰম্ভ হ’ল কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ মনোনয়ন। এই মনোনয়ন প্ৰক্ৰিয়া অব্যাহত থাকিব অহা ৩০ ছেপ্টেম্বৰলৈ।

Advertisment

 এই সভাপতি পদৰ নিৰ্বাচনক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। সেই বিতৰ্কৰ অন্ত পেলাই আৰম্ভ হ’ল মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি পদৰ বাবে গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়ে এই নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা প্ৰায় নিশ্চিত।

শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছিল যে গান্ধী পৰিয়ালৰ কোনো লোকেই এই নিৰ্বাচনত অংশগ্ৰহণ নকৰে। আৰু তাৰ পাছতেই নিশ্চিত হৈ পৰিছিল যে ৰাহুল গান্ধী পুনৰ সাভাপতি নোহোৱাৰ কথা।

উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি পদৰ বাবে অশোক গেহলটে প্ৰতিদ্বন্দীতা আগবঢ়োৱাৰ কথা। সেই কথা সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চাত আছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ উপৰিও সাভপতি পদৰ বাবে আগ্ৰহী আন এটা বহু চৰ্চিত নাম শশী থাৰুৰ।

অশোক গেহলট, শশী থাৰুৰৰ ওপৰিও মনীষ তিৱাৰীৰ নামো বৰ্তমান চৰ্চালৈ আহিছে সভাপতি পদৰ প্ৰত্যাশিত প্ৰাৰ্থীৰ ৰূপত। সুদীৰ্ঘ সময়ৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰে আন কোনো লোক এই সভাপতি পদৰ নিৰ্বাচনত অংশ ল’ব।

৩০ ছেপ্টেম্বলৈকে সভাপতি পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পাছতেই ভোটদান পৰ্বৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’ব।

india indian national congress