/asomiyapratidin/media/media_files/2025/04/24/JgATP4Li92oDYxjKTSLe.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অহা ২ মে'ত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে কাছাৰ জিলাত। শাসকীয় বিজেপি মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।
এফালে যদি কংগ্ৰেছে লাখ লাখ টকা লৈ টিকট বিক্ৰী কৰা বুলি বিজেপিৰ সমালোচনা আনহাতে, উন্নয়ণৰ ক্ষেত্ৰত বিজেপিৰ ব্যৰ্থতাৰ অভিযোগ কংগ্ৰেছৰ। এইদৰে পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰি ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাইছে উভয় দলে।
উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিয়ে ৱাইনশ্বপ ৰাজনীতি কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিছত বুধবাৰে বৰখলাৰ এখন নিৰ্বাচনী সভাত মন্ত্ৰী কৌশিক ৰায়ে ভূপেন বৰাক উভতি ধৰিছিল। ইয়াৰ কেইঘন্টামানৰ পিচতে এইবাৰ শিলচৰৰ বিধায়ক দিপায়ন চক্রৱর্তীৰ ব্যৰ্থতাৰ অভিযোগ আনিছে শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে।
শিলচৰ সমষ্টিৰ একমাত্ৰ শিলচৰ জিলা পৰিষদ আসনৰ বাবে দলীয় প্ৰাৰ্থী নুৰ হুছেইন বৰভুঞাৰ হৈ জাতিংগামুখত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ শিলচৰৰ বিধায়ক দিপায়ন চক্রৱর্তীক তীব্ৰ সমালোচনা কৰে অভিজিত পালে। বিগত প্ৰায় দুবছৰ ধৰি শিলচৰ- কালাইন পথটো বন্ধ হৈ থকা আৰু শিলচৰ তাৰাপুৰ শিববাৰী ৰোডত এলিভেটেড কৰিড'ৰ স্থাপনৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ দিপায়ন চক্রৱর্তীৰ বিৰুদ্ধে।
ইফালে শিলচৰত জিলা পৰিষদ আসনত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী নুৰ হুছেইন বৰভুঞা বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে অভিজিত পালে।