নতুন দিল্লীত কংগ্ৰছৰ নতুন কাৰ্যালয় ‘ইন্দিৰা ভৱন’ মুকলি

সলনি হ’ল শতিকা পুৰণি কংগ্ৰেছ দলৰ ঠিকনা। এতিয়াৰে পৰা কংগ্ৰেছৰ নতুন ঠিকনা হ’ব ৯ এ কোটলা। নতুন দিল্লীত বুধবাৰে মুকলি কৰা হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়। 

author-image
Asomiya Pratidin
New Update
কংগ্ৰছৰ নতুন কাৰ্যালয় ‘ইন্দিৰা ভৱন’ মুকলি

কংগ্ৰছৰ নতুন কাৰ্যালয় ‘ইন্দিৰা ভৱন’ মুকলি

ডিজিটেল ডেস্ক : সলনি হ’ল শতিকা পুৰণি কংগ্ৰেছ দলৰ ঠিকনা। এতিয়াৰে পৰা কংগ্ৰেছৰ নতুন ঠিকনা হ’ব ৯ এ কোটলা। নতুন দিল্লীত বুধবাৰে মুকলি কৰা হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়। 

Advertisment

এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত নৱনিৰ্মিত মুখ্য কাৰ্যালয়টিৰ ফিটা কাটি মুকলি কৰে সংসদীয় দলৰ মুৰব্বী ছোনীয়া গান্ধীয়ে। নতুন দিল্লীৰ ৯ এ কোটলা ৰোডস্থিত এই নতুন কাৰ্যালয়টিক ইন্দিৰা ভৱন হিচাপে জনা যাব।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি শচীন পাইলটে কয় যে আমাৰ এই নতুন ঠিকনাকলৈ সুখ অনুভৱ কৰিছো। এই কাৰ্যালয়ৰ পৰাই আমি প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰিম। নতুন ঠিকনাৰ পৰাই ন উদ্যোমেৰে আগবাঢ়িবলৈ চেষ্টা কৰিম সকলোৱে। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশেনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত কংগ্ৰেছৰ ভালেকেইগৰাকী নেতা তথা দলৰ কৰ্মকৰ্তা উপস্থিত থাকে। লগতে আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু কে চি ভেনুগোপালকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল। তাৰোপৰি সাংসদ গৌৰৱ গগৈও উক্ত অনুষ্ঠানত উপস্থিত থাকে।


এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ছোনীয়া গান্ধী দলৰ সভানেত্ৰী হৈ থাকোতেই কাৰ্যালয়টিৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ২০০৯ চনৰ ডিচেম্বৰ মাহত ইন্দিৰা গান্ধী ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ছোনিয়া গান্ধীয়ে। ২০১৬ চনৰ নৱেম্বৰত ইয়াৰ আনুমানিক ব্যয় আছিল ১৭২ কোটি টকা।

ছোনিয়া গান্ধী All India Congress Committee gaurav gogoi rahul gandhi