সলনি হ’ব কংগ্ৰেছৰ নেতৃত্ব ! কোন হ’ব পৰৱৰ্তী সভাপতি? গান্ধী পৰিয়ালৰ ঘনিষ্ঠ নে জি-২৩ গোটৰ সদস্য…

সলনি হ’ব কংগ্ৰেছৰ নেতৃত্ব ! কোন হ’ব পৰৱৰ্তী সভাপতি? গান্ধী পৰিয়ালৰ ঘনিষ্ঠ নে জি-২৩ গোটৰ সদস্য…

ডিজিটেল ডেস্কঃ সলনি হ'ব কংগ্ৰেছৰ নেতৃত্ব! দীৰ্ঘদিনৰ মূৰত গান্ধী পৰিয়ালৰ হাতৰ পৰা আন ব্যক্তিৰ হাতলৈ যাব কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ! দেশত কংগ্ৰেছৰ পতনৰ এক অন্যতম কাৰক হৈছে গান্ধী পৰিয়াল। কংগ্ৰেছ বুলি ক'লেই সকলোৰে সন্মুখলৈ আহে কেইখনমান নিৰ্দিষ্ট মুখ। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীক বাদ দিও বৰ্তমান কংগ্ৰেছ বুলি ক'লেই ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ মুখ।

সেয়েহে গান্ধী পৰিয়ালৰ প্ৰতি অতিষ্ঠ হৈ পৰা বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে ইতিমধ্যে দল ত্যাগ কৰাৰ লগতে আন বহু সংখ্যক লোকে গান্ধী পৰিয়ালৰ নেতৃত্বৰ বাবেই কংগ্ৰেছ দলক সমৰ্থন নকৰাৰ কথা মুকলিকৈয়ে প্ৰকাশ কৰি আহিছে। এক কথাত কংগ্ৰেছ মানেই গান্ধী পৰিয়াল অথবা গান্ধী পৰিয়াল মানেই কংগ্ৰেছ যেন এক ধাৰণা ইতিমধ্যে দেশত প্ৰতিষ্ঠা হৈছে।

ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ পিছতেই কংগ্ৰেছ দলে বহু কিবাকিবি হেৰুৱালে। এজন এজনকৈ কংগ্ৰেছৰ বহু শীৰ্ষ তথা জনপ্ৰিয় নেতাই দল ত্যাগ কৰি বিজেপি তথা অন্যান্য দলত চামিল হৈছে। পূৰ্বৰ কংগ্ৰেছীয়ে এতিয়া ৰূপ সলাই কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ ভিতৰুৱা কথা ৰাজহুৱা কৰাৰ লগতে দলটোৰ ভিতৰত প্ৰকৃততে কি চলি আছে তাক উন্মোচন কৰি দিছে।

এনে সময়ত দলটোক পুনৰ প্ৰতিষ্ঠা কৰাত ব্যাপক সংস্কাৰৰ যে প্ৰয়োজন সেই কথা হয়তো দলটোৰ দীৰ্ঘকালৰ সভানেত্ৰী ছোনিয়া গান্ধীয়েও বুজি পাইছে। সেয়ে হয়তো দলটোৰ নেতৃত্বৰ বাবে এতিয়া বিচাৰিছে গান্ধী পৰিয়ালৰ বিকল্প এজন ব্যক্তি। যাৰ নেতৃত্বত কংগ্ৰেছ পুনৰ শক্তিশালী হৈ উঠিব পাৰে।

ইতিমধ্যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলটোৱে ৰণক্ষেত্ৰত নামি পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছে। ৰাহুলৰ নেতৃত্বক বৰ্তমানলৈকে দেশৰ জনসাধাৰণে গ্ৰহণ কৰা নাই। কংগ্ৰেছ দলটোৰ একাংশ শীৰ্ষ নেতৃত্বই ৰাহুলৰ সকলো সিদ্ধান্তক মানি ল'বলৈ নাৰাজ। শেহতীয়াকৈ জ্যেষ্ঠ কংগ্ৰেছী গোলাম নবী আজাদৰ মন্তব্যই এই কথাক স্পষ্ট কৰিছে।

এতিয়া প্ৰশ্ন হয়, গান্ধী পৰিয়ালৰ সদস্যৰ অবিহনে কোন হ'ব কংগ্ৰেছৰ সভাপতি? চৰ্চা অনুসৰি গান্ধী পৰিয়ালৰ কোনো সদস্য দলটোৰ সভাপতি নহয় যদিও গান্ধী পৰিয়ালৰে আস্থাভাজন এজন নেতাক দলটোৰ নেতৃত্ব প্ৰদান কৰাৰ বাবে প্ৰস্তুতি চলিছে। চৰ্চা অনুসৰি গান্ধী পৰিয়ালে দলটোৰ নেতৃত্ব এৰিলেও বাহিৰৰ পৰাই দলটোক নেতৃত্ব প্ৰদান কৰাৰ এক কৌশল ৰচনা কৰিছে।

এনে এজন ব্যক্তিও বিচাৰি পাইছে ছোনিয়া গান্ধীয়ে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট হ'ব পাৰে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ! কাৰণ ছোনিয়া গান্ধীৰ প্ৰথম পচণ্ডৰ ব্যক্তি হৈছে অশোক গেহলট। তিনিখনকৈ চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা অশোক গেহলট কংগ্ৰেছৰ এজন পূৰণি নেতা হোৱাৰ লগতে গান্ধী পৰিয়ালৰো অতি ঘনিষ্ঠ তথা বিশ্বাসী।

তেওঁ বেয়া দিনত কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰি ৰাজস্থানত দলটোৰ বিজয় ধ্বজা উৰুৱাই ৰাখিবলৈ সক্ষম হৈছে। অভিজ্ঞতাৰ ফালৰ পৰাও অশোক গেহলট পৰিপক্ক। আনহাতে অশোক গেহলটক লৈ দলটোৰ মাজত নাই কোনো বিভেদ। সকলোৱেই তেওঁক সন্মান কৰে। অৱশ্যে গান্ধী পৰিয়ালৰ ঘনিষ্ঠ আৰু বিশ্বাসী হ'লেও অশোক গেহলটৰ সভাপতি হোৱাৰ বাট ইমান সহজ নহ'ব।

কিয়নো কংগ্ৰেছ দলটোৰ আন এগৰাকী জনপ্ৰিয় নেতাই সভাপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। কংগ্ৰেছ দলটোৰ সদস্যৰ লগতে বিৰোধিৰ মাজতো জনপ্ৰিয় এগৰাকী নেতা শশী থাৰুৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি প্ৰকাশ কৰিছে।

জনপ্ৰিয় লেখক হিচাপে বিশ্বতে প্ৰতিষ্ঠা হোৱা শশী থাৰুৰক কংগ্ৰেছ দলটোত প্ৰাপ্য সন্মান দিয়া হোৱা নাই বুলিও অভিযোগ আছে। কংগ্ৰেছ দলটোৱে শশী থাৰুৰক প্ৰাপ্য সন্মান তথা স্থান নিদিলেও অৱশ্যে তেওঁ ইতিমধ্যে বিদেশী ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসমাৰিক সন্মান লাভ কৰি নজিৰ সৃষ্টি কৰিছে।

অৱশ্যে শশী থাৰুৰে আনুষ্ঠানিক ভাৱে এই কথা প্ৰকাশ কৰা নাই। সূত্ৰত হে এই কথা প্ৰকাশ পাইছে। তেওঁ কংগ্ৰেছ দলটোৰ স্বাধীন আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও আহ্বান জনাইছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছতে কংগ্ৰেছৰ জি-২৩ গোটে দলটোত সংস্কাৰ বিচাৰি ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

এই জি-২৩ গোটৰ অন্যতম নেতা আছিল শশী থাৰুৰ। এই জি-২৩ গোটে এইবাৰ কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচনত তেওঁলোকৰ সমৰ্থিত এজন প্ৰতিনিধিক দলটোৰ সভাপতি হিচাপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই ফালৰ পৰাও শশী থাৰুৰে যদি সভাপতি পদত প্ৰতিনিধিত্ব কৰাটো নিশ্চিত হয় তেনে তেওঁ হৈ পৰিব পাৰে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি।

উল্লেখ্য যে অহা ১৭ অক্টোবৰত অনুষ্ঠিত হব কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে ২২ ছেপ্তেম্বৰত জাৰি কৰা হ'ব জাননী। ২৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব এই পদৰ বাবে মনোনয় দাখিল পৰ্ব আৰু সমাপ্ত হ'ব ৩০ ছেপ্তেম্বৰত। ১৭ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ সকলো প্ৰদেশৰ কাৰ্যালয়ত আৰম্ভ হ'ব ভোটগ্ৰহণ আৰু ১৯ অক্টোবৰত ঘোষণা হ'ব ফলাফল। এই নিৰ্বাচনত ৯ হাজাৰৰো অধিক ভোটাৰে ভোটদান কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in