/asomiyapratidin/media/media_files/2025/08/02/ujjj-2025-08-02-13-11-58.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ নতুন ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছৰে পৰা নিৰ্বাচন আয়োগক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছে। শনিবাৰৰ দিনটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ চৰম কটাক্ষ কৰে নিৰ্বাচন আয়োগক। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, ভাৰতীয় নিৰ্বাচনী ব্যৱস্থা বহু দিনৰ পূৰ্বেই মৃত্যু হৈছে। তেওঁ লগতে কয়- ২০২৪চনৰ লোকসভা নিৰ্বাচনত চৰম গাফিলতি হৈছিল, যাৰ জৰিয়তে বিজেপিক একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰা হ'ল।
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে দাবী কৰে যে, আগন্তুক সময়ত নিৰ্বাচন আয়োগে কি কি গাফিলতি কৰি বিজেপিক জয়ী কৰাইছিল তাৰ এটা এটা প্ৰমাণ আমি প্ৰদৰ্শন কৰিম। লগতে নিৰ্বাচন আয়োগত আনে গাফিলতি কিদৰে সম্ভৱ সেয়াও আমি প্ৰমাণ কৰি দেখুৱাম।
উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকাত প্ৰায় ৬৫লাখ ভোটাৰৰ নাম কৰ্তন হোৱাৰ পাছতে স্বোচ্ছাৰ হৈ পৰিছে কংগ্ৰেছ।