সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱক 'ভাৰত ৰত্ন' প্ৰদানৰ দাবী কংগ্ৰেছ নেতাৰ...

সমাজবাদী পাৰ্টীৰ নেতা প্ৰয়াত মুলায়ম সিং যাদৱক দেশৰ সৰ্বোচ্চ সন্মান দিয়াৰ দাবী জনাইছে এগৰাকী কংগ্ৰেছ নেতাই।

author-image
Asomiya Pratidin
New Update
সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱক 'ভাৰত ৰত্ন' প্ৰদানৰ দাবী কংগ্ৰেছ নেতাৰ...

mulayam singh yadav

ডিজিটেল ডেস্ক: সমাজবাদী পাৰ্টীৰ নেতা প্ৰয়াত মুলায়ম সিং যাদৱক দেশৰ সৰ্বোচ্চ সন্মান দিয়াৰ দাবী জনাইছে এগৰাকী কংগ্ৰেছ নেতাই। এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা মহম্মদ আৰিফ নাছিম খানে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ দাবী কৰিছে যে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱক প্ৰদান কৰিব লাগে।

Advertisment

তেওঁ কয় যে সমাজবাদী পাৰ্টিৰ প্ৰয়াত নেতাজনে সমাজৰ বঞ্চিত শ্ৰেণীৰ বেদনা বুজি পাইছিল যাৰ বাবে তেওঁ অহৰহ সংগ্ৰাম কৰিছিল।

লগতে কয় যে "সমাজবাদী পাৰ্টিৰ নেতাজনৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছে। মই অনুৰোধ জনাইছো যে তেওঁক প্ৰশংসা কৰা কোটি কোটি লোকৰ অনুভূতিৰ স্বীকৃতিস্বৰূপে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা উচিত''। এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও তেওঁ পত্ৰ প্ৰেৰণ কৰিছে নেতা গৰাকীয়ে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ স্মৃতিত এটি প্ৰেক্ষাগৃহ নিৰ্মানৰ বাবে বিজেপিৰ সাংসদ বীৰেন্দ্ৰ সিঙে বিগত মাহত এমপি ফাণ্ডৰ পৰা ২৫ লাখ টকাৰ অনুমোদন আগবঢ়াইছিল। এই প্ৰেক্ষাগৃহটোৰ নাম ৰখা হ'ব ''ধৰতিপুত্ৰ মুলায়ম সিং যাদৱ সম্বাদ ভৱন"।

bjp narendra modi mulayam singh yadav draupadi murmu congress