/asomiyapratidin/media/media_files/2025/04/12/XGW6dkzJMPKjL5Aj6WjT.jpg)
পুনৰ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰিতম সিঙক
ডিজিটেল ডেস্ক: কাৰাগাৰতেই পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল কংগ্ৰেছ নেতা ৰিতম সিঙক। ৰিতমক গ্ৰেপ্তাৰৰ পাছতে কাৰাগাৰ সমুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰিতম সিঙৰ পৰিয়াল কাৰাগাৰ সমুখত উপস্থিত হৈ নিবলৈ আহোতে মৰিগাঁও আৰক্ষীৰ পুনৰ গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰৰ সময়ত আৰক্ষী আৰু পৰিয়ালৰ মাজত টনা-আজুৰা পৰিৱেশ হয়। ৰিতম সিঙৰ পিতৃয়ে আৰক্ষীৰ গাড়ীৰ আগত পাৰি প্ৰতিবাদ সাব্যস্ত কৰে। জামিন লৈ মৰিগাঁও জিলা কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়তেই পুনৰ ৰিতম সিঙক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গ্ৰেপ্তাৰ কৰি ৰিতম সিঙক জাগীৰোড থানালৈ নিয়ে মৰিগাঁও আৰক্ষীৰ এটা দলে। অৱশ্য কি গোচৰত ৰিতম সিঙক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।