/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/congress.png)
ডিজিটেলডেস্ক: ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে স্থিতি স্পষ্ট কৰিছে কংগ্ৰেছৰ। কোনো এখন ৰাজ্যতে ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ এই শোচনীয় অৱস্থাই দলটোৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
ইয়াৰ মাজতে দলটোৰ শীৰ্ষনেতা ডিকে শিৱকুমাৰে কয় যে গান্ধী পৰিয়ালৰ অবিহনে কংগ্ৰেছ একগোট হ'ব নোৱাৰে। তেওঁ কয় যে গান্ধী পৰিয়ালৰ অবিহনে কংগ্ৰেছক জীয়াই ৰখাটো অসম্ভৱ। যি সকলে কেৱল ক্ষমতাৰ বাবে আছে তেওঁলোকে দল এৰি দিয়ক।আমি বাকীসকলে শাসনত থাকিবলৈ ইচ্ছুক নহয়, কেৱল গান্ধী পৰিয়ালৰ সৈতে থাকিম।"
বহু সময়ত একাংশই দল ত্যাগ কৰা সন্দৰ্ভত তেওঁ কয় যে ব্যক্তিগত লাভালাভ চোৱা লোকসকলে ত্যাগ কৰিছে কংগ্ৰেছ। কিন্তু আমি একাংশ কংগ্ৰেছৰ আদৰ্শ আৰু বিচাৰধাৰাৰ প্ৰতি অনুপ্ৰাণিত সেয়ে সদায় গান্ধী পৰিয়ালৰ সৈতে থাকিম।
উল্লেখ্য যে, প্ৰায় নিশ্চিহ্ন হৈ পৰিছে কংগ্ৰেছ। এইবাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ দলৰ দুৰ্বলতাৰ কথা দেখুৱাই দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us