/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/muslim-women-reuters-1-670x445.jpg)
ডিজিটেল ডেস্ক: ভাৰতবৰ্ষত সৰ্বাধিক হাৰত ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ মূল কাৰণ হৈছে হিজাব পৰিধান নকৰা- দেশত চলি থকা হিজাব বিতৰ্কৰ মাজতেই ৰবিবাৰে কৰ্ণাটকৰ এগৰাকী কংগ্ৰেছ নেতাই এই মন্তব্য কৰে।
কংগ্ৰেছ নেতা জামিৰ আহমেদে কয় যে ভাৰতত সৰ্বাধিক ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ কাৰণ হৈছে ইয়াত যুৱতী সকলে হিজাব পৰিধান নকৰে।
তেওঁ কয় যে, "যুৱতী সকল যেতিয়া ডাঙৰ হয় তেতিয়া তেওঁলোকে নিজৰ সৌন্দৰ্য ঢাকিবৰ বাবে পৰ্দা কৰিব লাগে।মই ভাৱো যে বিশ্বত সবাতোকৈ বেছি ধৰ্ষণকাণ্ড ভাৰতবৰ্ষত সংঘটিত হয়। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এয়াই যে তেওঁলোকে নিজৰ মুখখন ঢাকি নাৰাখে।হিজাব পৰিধান কৰা বাধ্যতামূলক নহয়, ই প্ৰচলিত এক প্ৰথাহে"।
উল্লেখ্য যে, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া এক বিচাৰপীঠে হিজাব বিতৰ্কৰ ওপৰত শুনানি প্ৰদান কৰাৰ আগতেই এই মন্তব্য কৰে নেতা গৰাকীয়ে।