/asomiyapratidin/media/media_files/2025/02/22/Z7MWQ5btr3bbQF7zUNBq.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ কন্দুৱা গেছৰ বাবে মৃত্যু হোৱা নাছিল কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ। আজি এক সংবাদ মেল আয়োজন কৰি কংগ্ৰেছ নেতা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য প্ৰকাশ কৰে ডিচিপি অমিতাভ বসুমতাৰীয়ে।
উল্লেখ্য যে, ১৮ ডিচেম্বৰত অসম কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত ৰাজভৱনৰ সন্মুখত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতেই মৃত্যু হৈছিল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ। ইয়াৰ পাছতে কংগ্ৰেছে কন্দুৱা গেছ প্ৰয়োগৰ বাবে মৃত্যু হোৱা বুলি দাবী কৰিছিল।
অৱশেষত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে কংগ্ৰেছ নেতাজনৰ মত্য়ুৰ প্ৰকৃত কাৰণ। আন এক অসুস্থতাৰ বাবেহে মৃত্যু হৈছিল মৃদুল ইছলামৰ। মৰণোত্তৰ প্ৰতিবেদনত মৃদুল ইছলামৰ দেহত সুৰাৰ উপস্থিতিৰ লগতে ধমনী ৰোগত আক্ৰান্তৰ চিন পোৱা বুলি উল্লেখ আছে। যাৰ ফলত মৃত্যু হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ।
উল্লেখযোগ্য যে, কন্দুৱা গেছ প্ৰয়োগৰ সময়ত মৃদুল ইছলাম সেই স্থানত নাছিল বুলি আজি সংবাদ মেলত উল্লেখ কৰে অমিতাভ বসুমতাৰীয়ে।
আনহাতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য নস্যাৎ কৰিছে মৃত নেতা গৰাকীৰ পত্নীয়ে। মৃদুল ইছলামৰ কোনো শাৰিৰীক অসুস্থা নাছিল বুলি উল্লেখ কৰিছে তেওঁৰ পত্নীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us