Advertisment

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ নিযুক্তিক লৈ কংগ্ৰেছৰ দ্বিমত...

খাৰ্গে আৰু ৰাহুল গান্ধীয়ে এই পদৰ বাবে ন্যায়াধীশ ৰোহিণ্টন ফালি নৰিমান আৰু ন্যায়াধীশ কুট্টিয়েল মেথিউ জোচেফৰ নাম প্ৰস্তাৱ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে প্ৰাক্তন ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ানক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।

author-image
Asomiya Pratidin
New Update
ৌা

ডিজিটেল ডেস্কঃ  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ানক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এন এইচ আৰ চি)ৰ অধ্যক্ষ লগতে প্ৰিয়ংক কানুংগো আৰু ন্যায়াধীশ ড° বিদ্যুত ৰঞ্জন সাৰংগীক এন এইচ আৰ চিৰ সদস্য হিচাপে নিযুক্তি দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী সাংসদ ৰাহুল গান্ধীয়ে।

Advertisment

আয়োগৰ অধ্যক্ষ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো “মৌলিকভাৱে ক্ৰুটিপূৰ্ণ” বুলি লিপিবদ্ধ কৰিছে দুই বিৰোধী নেতাই। অধ্যক্ষ বাছনি প্ৰক্ৰিয়াটোত পাৰস্পৰিক আলোচনা আৰু সহমতক আওকাণ কৰা বুলি অভিযোগ কৰা লগতে পূৰ্ব নিৰ্ধাৰিত বুলিও উল্লেখ কৰিছে কংগ্ৰেছ নেতাসকলে।

খাৰ্গে আৰু ৰাহুল গান্ধীয়ে এই পদৰ বাবে ন্যায়াধীশ ৰোহিণ্টন ফালি নৰিমান আৰু ন্যায়াধীশ কুট্টিয়েল মেথিউ জোচেফৰ নাম প্ৰস্তাৱ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে সোমবাৰে প্ৰাক্তন ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ানক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এন এইচ আৰ চি)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।

আনহাতে এই কাৰ্যসূচীৰ পাছত খাৰ্গে আৰু ৰাহুল গান্ধীয়ে লোকসভাত এখন "ডিচচেন্ট নোট" দাখিল কৰে। উক্ত টোকাত উল্লেখ কৰে যে, “এয়া এক পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত আছিল। এনে বিষয় সমূহত পাৰস্পৰিক আলোচনা আৰু সহমত অপৰিহাৰ্য। এয়া এক নিয়ম যদিও এই ক্ষেত্ৰত আলোচনা আৰু সহমতক আওকাণ কৰা হৈছে। এনে নিয়ম সমূহ ভংগ হ'লে নিৰপেক্ষতা নীতি ক্ষতিগ্ৰস্ত হয়, যিবোৰ বাছনি সমিতিৰ বিশ্বাসযোগ্যতাৰ বাবে অতি প্ৰয়োজনীয়।"

দুয়ো বিৰোধী নেতাই লগতে উল্লেখ কৰে যে, বৈঠকৰ সময়ছোৱাত আমাৰ মতামতক আওকাণ কৰা হৈছিল। ইয়াৰোপৰি বাছনি প্ৰক্ৰিয়াত ধৰ্ম,ক্ষেত্ৰ আৰু জাতিৰ ভাৰসাম্যতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এন এইচ আৰ চি এটা বিধিগত সংস্থা যাৰ কাম সকলো নাগৰিকৰ মৌলিক মানৱ অধিকাৰ ৰক্ষা কৰা। এনে আয়োগত বৈচিত্ৰ্য থাকিলে হে সংস্থাটো বিভিন্ন সম্প্ৰদায়ৰ প্ৰতি সংবেদনশীল হৈ থাকিব পাৰিব।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ