ডিজিটেল ডেস্ক : অশান্ত মণিপুৰকলৈ এইবাৰ আৰম্ভ হৈছে বিজেপি- কংগ্ৰেছৰ পত্ৰ-যুদ্ধ। মণিপুৰৰ পৰিস্থিতি কেন্দ্ৰই চম্ভালিব নোৱাৰা বুলি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে পত্ৰ লিখিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মলৈ লিখা সেই পত্ৰত ৰাজ্যখনৰ আইন- শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ অনুৰোধ জনাইছে।
খাৰ্গেৰ পত্ৰত মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু মণিপুৰৰ ৰাজ্য চৰকাৰে সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগ তুলিছে। শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছতেই খাৰ্গেই এই পত্ৰ প্ৰেৰণ কৰিছিল ৰাষ্ট্ৰপতি মুৰ্মুলৈ।
উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজত সংঘটিত এই সংঘৰ্ষৰ পৰিণতিত ২০০ লোকৰ মৃত্যু আৰু ৬০,০০০ লোকৰ গৃহহাৰা হৈছে। খাৰ্গেৰ এই পত্ৰৰ প্ৰত্যুত্তৰ হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৩পৃষ্ঠাযোৰা এখন পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ সভাপতিগৰাকীলৈ।
এই পত্ৰত নাড্ডাই উল্লেখ কৰিছে যে বিজেপি চৰকাৰে মণিপুৰৰ অশান্ত পৰিস্থিতি চম্ভালিবলৈ আৰু ৰাজ্যখনৰ সাধাৰণ নাগৰিকক নিৰাপত্তা দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। তেওঁ পত্ৰখনক এয়া এক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত পত্ৰ বুলি উল্লেখ কৰি তেওঁলোকৰ চৰকাৰ থকাৰ সময়ত বিদেশত আশ্ৰয় লৈ থকা উগ্ৰপন্থীক প্ৰৰোচিত কৰিবলৈ লোৱা সিদ্ধন্তসমূহৰ কথা মনত পেলাই দিয়ে।