২নং কঠীয়াতলী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীক আটক : বিধায়ক জিতু গোস্বামীৰ প্ৰতিক্ৰিয়া

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ২ নং কঠীয়াতলী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী দেৱীয়ে নিশা হাজৰৰো অধিক সমৰ্থকক লগত লৈ বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
২নং কঠীয়াতলী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীক আটক : বিধায়ক জিতু গোস্বামীৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, কামপুৰ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ২ নং কঠীয়াতলী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী দেৱীয়ে নিশা হাজৰৰো অধিক সমৰ্থকক লগত লৈ বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইয়াৰ লগে লগে শাসনাধিষ্ঠ দলটোৱে বঢ়মপুৰ সমষ্টিত তৃতীয়খন জিলা পৰিষদ বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হ’বলৈ সক্ষম হয়।

Advertisment

উল্লেখ্য যে ১৭ এপিলত প্ৰাৰ্থীগৰাকীক আৰক্ষীয়ে আটক কৰা বুলি বাতৰি প্ৰকাশ হৈছিল আৰু বঢ়মপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীসকল নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ উঠিছিল । প্ৰাৰ্থীগৰাকীক আটক কৰাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

বৃহস্পতিবাৰে নিশা বিধায়কগৰাকীৰ কামপুৰস্থিত বাসগৃহত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বহু গুৰুতৰ মন্তব্য আগবঢ়ায় । ২ নং কঠীয়াতলী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আটক কৰাৰ সম্পৰ্কত বিধায়ক গোস্বামীয়ে মন্তব্য কৰে যে, যোৱা ১৪ এপিলতে বৰ্ণালী দেৱীয়ে মনোনয়ন প্ৰত্ৰ উঠাই লৈছিল যদিও তেওঁক কংগ্ৰেছে লূকুৱাই ৰাখিছিল। 

বিজেপি দলে পঞ্চায়ত নিৰ্বাচনত প্ৰশাসনক ব্যৱহাৰ কৰাৰ বুলি কংগ্ৰেছে অনা অভিযোগতসম্পৰ্কত বিধায়ক গোস্বামীয়ে মন্তব্য কৰে যে, কোনো কংগ্ৰেছ কৰ্মীয়ে কোনো এখন থানাত এটা গোচৰ তৰিব পৰা নাই। যেতিয়া কংগ্ৰেছে নিৰ্বাচনত জয়ী হ’ব নোৱাৰে, তেতিয়াই এনেধৰণে ভুৱা প্ৰচাৰত নামি পৰে। তেওঁ কংগ্ৰেছ দলতটোক নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰত থাকি দলটোক সাংগঠনিকভাৱে সৱল কৰাৰ বাবে আহ্বান জনায়।

তেওঁ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰকো কঠোৰ সমালোচনা কৰে। তেওঁ কংগ্ৰেছী এই সকল নেতাই টেলিভিচনত ওলাবৰ বাবে এই নাটক আৰম্ভ কৰা বুলি মন্তব্য কৰে।

কংগ্ৰেছে নাটক কৰিলে বিজেপি জয়ী হৈ গৈ থাকিব বুলি বিধায়ক জিতু গোস্বামীয়ে মন্তব্য কৰি কয় যে, বঢ়মপুৰ সমষ্টিত এটা ৱাৰ্ড মেম্বাৰো কংগ্ৰেছে জয়ী কৰাব নোৱাৰে। বঢ়মপুৰ সমষ্টিৰ তিনিটাকৈ জিলা পযিষদ আৰু পোন্ধৰটাকৈ আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

JITU GOSWAMI kampur nagaon