বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতৃত্বক আক্ৰমণৰ অভিযোগ, তদন্তৰ দাবী...

হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো যে আপুনি গণতন্ত্ৰক কবৰ নিদিব ৷ কালিলৈ আপোনাৰ অগণতান্ত্ৰিক কামৰ বাবে ইতিহাসৰ পাতত কলা চিঁয়াহীৰে লিখা থাকিব ৷ আপুনি সময় থাকোতেই ভাৰতীয় গণতন্ত্ৰক সন্মান প্ৰদৰ্শন কৰক ৷

author-image
Asomiya Pratidin
New Update
dgf

ডিজিটেল সংবাদ,নগাঁওঃ  সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, মুখপাত্ৰ মহচিন খানৰ ওপৰত বিজেপিৰ ভেৰণীয়া গুণ্ডাবাহিনীয়ে নিৰ্মম আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷

Advertisment

 এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাংসদ প্ৰদ্যুৎ বৰদলৈ,মুখপাত্ৰ মহচিন খান। প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতাৰ গাড়ী ভাঙি চূৰমাৰ কৰাৰো অভিযোগ উঠিছে ৷ সেই সময়ছোৱাত নিৰাপত্তাৰ বাবে আৰক্ষী নথকা বুলি জানিব পৰা গৈছে ৷

 ডুমডুমীয়াৰ ওচৰৰ ৰাজাবাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ এই ঘটনাৰ এক ন্যায়িক তদন্তৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে দলটোৱে ৷ দলটোৱে এই সন্দৰ্ভত প্ৰকাশ কৰা নিজ বিবৃতিত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক দলৰ নেতৃত্বই ইতিমধ্যে সাক্ষাৎ কৰি শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল যদিও নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰা বুলি উল্লেখ কৰিছে ৷

লগতে দলটোৱে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো যে আপুনি গণতন্ত্ৰক কবৰ নিদিব ৷ কালিলৈ আপোনাৰ অগণতান্ত্ৰিক কামৰ বাবে ইতিহাসৰ পাতত কলা চিঁয়াহীৰে লিখা থাকিব ৷ আপুনি সময় থাকোতেই ভাৰতীয় গণতন্ত্ৰক সন্মান প্ৰদৰ্শন কৰক ৷ জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকৱলক সুৰক্ষা দি মুক্ত আৰু মুকলি পঞ্চায়ত নিৰ্বাচন কৰিবলৈ ব্যৱস্থা কৰক৷

এক বিবৃতিত এইদৰে উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰী শাসন নচলাবলৈকো সকীয়াই দিছে সভাপতি ভূপেন কুমাৰ বৰাই৷

congress