/asomiyapratidin/media/media_files/2025/01/28/UNWaonjxLyG9kjn7P8Rx.jpg)
কংগ্ৰছৰ কটাক্ষ
ডিজিটেল ডেস্কঃ গংগাত ডুব মাৰি গা ধুলেই দেশৰ দ্ৰৰিদ্ৰতা দূৰ হব নেকি! বিজেপি চৰকাৰক এই প্ৰশ্ন কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই। মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা এক জনসভাত ভাষণ প্ৰদান কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে এইদৰে কটাক্ষ কৰে নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক।
তেওঁ কয়- গংগাত ডুব মাৰিলেই দেশৰ দৰিদ্ৰতা দূৰ হ'ব নেকি ? যিটো সময়ত দেশৰ শিশুসকল ভোকতুৰ হৈ মৰি আছে, সেই সময়ত এইসকল লোকে গংগা স্নানৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি আছে আৰু ইজনে সিজনৰ সৈতে প্ৰতিযোগিতা কৰি আছে।
খৰ্গেই লগতে কয়- এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক অভিবাদন জনাইছে আৰু আনফালে তেওঁ সংবিধানৰ বিৰুদ্ধেই সকলো কৰি আছে। উল্লেখ্য যে, যোৱা সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে গংগাত স্নান কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
অমিত শ্বাহে স্নান কৰাৰ পাছত বিজেপিয়ে কটাক্ষ কৰিছিল যে, কুম্ভমেলাই কিয় কংগ্ৰেছৰ নেতাসকল যোৱা নাই? তাৰেই প্ৰত্যুত্তৰ হিচাপে মল্লিকাৰ্জুন খৰ্গেই ভাষণৰ প্ৰসংগত কয় এইদৰে।