/asomiyapratidin/media/media_files/2025/06/29/whatsapp-im-2025-06-29-19-45-03.jpeg)
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ জগন্নাথ ৰথ যাত্ৰাৰ সময়ত ৩ জন লোকৰ মৃত্যু আৰু বহু লোক আহত হোৱা ঘটনাক লৈ শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে খাৰ্গেয়ে।
দেওবাৰে খৰ্গে কয় যে, চৰকাৰৰ গাফিলতি আৰু অপব্যৱস্থাপনাৰ বাবে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত তদন্তৰ লগতে ভুক্তভোগীক সাহাৰ্য্য প্ৰদানৰ দাবী জনাইছে কংগ্ৰেছ নেতা গৰাকীয়ে।জগন্নাথ ৰথ যাত্ৰাৰ ঘটনাক লৈ উৰিষ্যা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে খাৰ্গেয়ে।
ইতিমধ্যে ৰাজ্য চৰকাৰে উক্ত ঘটনাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি ব্যৱস্থা গ্ৰহণ কৰিছে। বদলি কৰা হৈছে ডি এম আৰক্ষী অধীক্ষকক। একে সময়তে এজন ডি এছ পি আৰু কমাণ্ডেণ্টক নিলম্বন কৰিছে।
ইফালে সামাজিক মাধ্যমত এটা পোষ্ট দি তেওঁ কয় যে, ‘মহাপ্ৰভু জগন্নাথ ৰথ যাত্ৰাৰ সময়ত হোৱা শোকাৱহ দুৰ্ঘটনাক লৈ মই গভীৰভাৱে মৰ্মাহত হৈছো। এই ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱাৰ লগতে কমেও ৫০ জন লোক আহত হৈছে।
তেওঁ লগতে কয়, ইয়াৰ পূৰ্বে শুকুৰবাৰে যাত্ৰাৰ সময়ত ৫০০ ভক্ত আহত হোৱাৰ খবৰ পোৱা গৈছিল। মই ভুক্তভোগী পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিম। সকলো আহত ভক্তৰ আশু আৰোগ্য কামনা কৰিলো। ৰথযাত্ৰাত হোৱা গাফিলতি আৰু অপব্যৱস্থাপনাক কেতিয়াও ক্ষমা কৰিব নোৱাৰি।
লগতে খৰ্গেয়ে ৰাজ্য চৰকাৰক শীঘ্ৰে উক্ত ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে, বিশেষকৈ নিৰ্ধাৰিত উৎসৱৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সঠিক ভিৰ ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ। এই ঘটনাৰ বাবে দায়ীসকলক আইনৰ অধীনত জবাবদিহি কৰা উচিত বুলিও দাবী জনাই কংগ্ৰেছ নেতা গৰাকীয়ে।