মিৰ্জাত সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

বেচৰকাৰী সংস্থা 'সম্মিলিত জনকল্যাণ মঞ্চ'ৰ উদ্যোগত দেওবাৰে মিৰ্জাৰ জামৰতল খেলপথাৰত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ কৃতী শিক্ষার্থীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এখন বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
AP FOR WEB mirza

ডিজিটেল সংবাদ, মিৰ্জা : বৃহত্তৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বেচৰকাৰী সংস্থা 'সম্মিলিত জনকল্যাণ মঞ্চ'ৰ উদ্যোগত দেওবাৰে মিৰ্জাৰ জামৰতল খেলপথাৰত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ কৃতী শিক্ষার্থীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এখন বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক চৈয়দ জাহিৰ হুছেইন।

Advertisment

তেওঁ ভাষণ প্ৰসংগত কয় যে- আজি বহি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বহু সৌভাগ্যবান। আজি ছাত্ৰ-ছাত্ৰীৰ হাতত পৃথিৱীখন আছে। তোমালোকৰ পিতৃ-মাতৃৰ সেইসময়ত হাতত ম'বাইল নাছিল। ম'বাইলৰ জড়িয়তে আজি পৃথিৱীৰ সমষ্ট কথা জানিব পাৰি।

ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য, আত্মবিশ্বাস, সপোন আৰু উচ্চ শিক্ষাৰ সন্দৰ্ভত বিভিন্ন দিশ ভাষণত কোৱাৰ লগতে তেওঁৰ জীৱনত শিক্ষাৰ সন্দৰ্ভত ঘটা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে কয়।‌ কোনো কাম অসম্ভৱ নহয় বুলি কৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ আহ্বান জনায়।‌

আনহাতে যিদৰে আজি প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক জনকল্যাণ মঞ্চই সম্বৰ্ধনা জনাইছে ঠিক তেনেদৰে অনাগত সময়ত দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ বাবে ইয়াতকৈ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। লগতে ছাত্ৰ-ছাত্ৰীসকলক ভাল মানুহ হ'বলৈ আহ্বান জনাই উজ্বল ভৱিষ্যত কামনা কৰে।

অনুষ্ঠানত সন্মিলিত জনকল্যাণ মঞ্চৰ সভাপতি মণিময় কৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠানটোৰ সন্মিলিত জনকল্যাণ মঞ্চ"ৰ মুখ্য উপদেষ্টা হিমাংশু শেখৰ বৈশ্যই। বৈশ্যই কয়- আমি ছাত্ৰ- ছাত্ৰীসকলক কি দিব পাৰিছো নাজানো কিন্তু দিব পাৰো উৎসাহ। সকলোৰে জীৱনত বিভিন্ন ঘাট-প্ৰতিঘাটৰ আছে তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তাৰ বাবে আমি স্বেচ্ছাসেৱী সংগঠনৰ জড়িয়তে সম্বৰ্ধনা জনাবলৈ পাই ধন্য হৈছো।

তেওঁ আৰু কয়- আপোনালোকে জীৱন এটা লক্ষ্য নিৰ্ধাৰণ কৰি আগুৱাই যাব লাগিব। লগতে অনগ্ৰসৰ অঞ্চলৰ পৰা বিচলিত নোহোৱাৰ বাবে আহ্বান জনায়। অকল পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি গ'লে নহ'ব সমাজৰ বাবেও কিবা কৰিব লাগিব। বৰ্তমান প্ৰতিযোগিতাৰ যুগ। গতিকে প্ৰতিযোগিতাত সকলো দিশতে আগবাঢ়ি যাব লাগে। 

প্ৰতিযোগিতা হ'ব লাগে সৎ উদ্দেশ্যৰে। নিজ গাঁও, বিদ্যালয় বা সমাজখনক কেতিয়াও পাহৰি যাব নালাগে। পৰিপ্ৰেক্ষিতত সময়ে সময়ে ভাল কাম কৰি যাব লাগে। আমাৰ অঞ্চলত বহু কৃষ্টি-সংস্কৃতি আছে আমি এইবোৰক আমি জীয়াই ৰাখিব লাগিব। 

আনহাতে ছ'চিয়েল মিডিয়াৰ কু-প্ৰভাৱ আৰু সু-প্ৰভাৱৰ ওপৰত বিভিন্ন দিশৰ ওপৰত ভাষণত উল্লেখ কৰে। লগতে স্থানীয় যুৱক যুৱতীক নিয়োগৰ লক্ষ্যৰে উদ্যোগিক ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি হিমাংশু শেখৰ বৈশ্যই ভাষণ প্ৰসংগত উল্লেখ কৰে।

মঞ্চৰ সাধাৰণ সম্পাদক ড০ চিন্ময় কলিতাই আৰু শিখা ৰাণী ঠাকুৰীয়াই আঁত ধৰা সভাত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৰকান্ত অধিকাৰী, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড০ যোগেন দাস, সমাজকৰ্মী ধনেশ্বৰ তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মা, সন্মিলীত জনকল্যাণ মঞ্চৰ শিক্ষা কোষৰ সভাপতি ৰবিন কুমাৰ দাস, কাৰ্যনিৰ্বাহ সদস্য পংকজ কুমাৰ দাস, সমাজকৰ্মী দিনেশ চৌধুৰী, কুশল মালাকৰ,অভিভাৱক-অভিভাৱিকাসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানত ৪৯ খন বিদ্যালয়, ১১ খন মহাবিদ্যালয়, চি.বি.এচ.ছিৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ১৫ গৰাকী মুঠ ১৩০৯ গৰাকী ছাত্ৰ-ছাত্ৰীক কিতাপৰ টোপোলা, মানপত্ৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জনায়।

মিৰ্জা