বাক্সাৰ আনন্দপুৰত বিজেপিৰ সম্বৰ্ধনা অনুষ্ঠান

বাক্সা জিলাৰ আনন্দপুৰত দেওবাৰে ভাৰতীয় জনতা পাৰ্টি মুছলপুৰ মণ্ডলৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক

author-image
Asomiya Pratidin
New Update
আনন্দপুৰত সম্বৰ্ধনা অনুষ্ঠান

আনন্দপুৰত সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ আনন্দপুৰত দেওবাৰে ভাৰতীয় জনতা পাৰ্টি মুছলপুৰ মণ্ডলৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । 

Advertisment

মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছাত্ৰ-ছাত্ৰী, অভিভাৱককে ধৰি বহু শতাধিক লোক উপস্থিত থাকে । ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগাবলৈ আৰু শিক্ষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ বুলি জানিবলৈ দিয়ে মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাই ।

assam bjp baksa