/asomiyapratidin/media/media_files/2025/06/01/AAGpxHXk0cLwA4ZXF4z8.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱা সামূহিক ভৱনত দেওবাৰে কৃতি ছাত্ৰ-ছাত্ৰীৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ নদুৱাৰ গোৰ্খা যুৱ মঞ্চৰ উদ্যোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্য আয়োজিত অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে নদুৱাৰ গোৰ্খা সমাজৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক মতি কুমাৰ নেৱাৰে৷
নদুৱাৰ গোৰ্খা সমাজৰ সম্পাদক সঞ্জয় শৰ্ম্মাই আঁত ধৰা অভিনন্দন অনুষ্ঠানটিত নিৰ্দ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনাৰে সু দিহা-পৰামৰ্শ আগবঢ়াই বক্তব্য প্ৰদান কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°চিন্তামনি শৰ্ম্মা আৰু জীৱন বৰাই ৷ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰী দেশৰ ভৱিষ্যত সু নাগৰিক বুলি অভিহিত কৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ সমষ্টিবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ৫০০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক গোৰ্খা টুপি, গামোচা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে একোটাকৈ গছ পুলি উপহাৰ দি উষ্ম অভিনন্দন জ্ঞাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ গোৰ্খা সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা ক্ষেমৰাজ ছেত্ৰী আৰু ধনপতি কাফল আৰু অজিত পায়েঙে৷ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ মাজত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত গীত নৃত্যই সকলোৰে মন মুগ্ধ কৰে ৷