/asomiyapratidin/media/media_files/2025/06/23/web-ap-abhinandan-2025-06-23-11-44-38.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ আগ্ৰীপামৰ মগৰ সংঘ ভৱনত সদৌ অসম মগৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতিৰ সহযোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ- ছাত্ৰীসকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সংঘৰ সভাপতি দিলীপ কেপচাকিৰ সভাপতিত্বত দেওবাৰে বিয়লি অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে জিলা মগৰ সংঘৰ সম্পাদক বিকাশ চমালে ।
অনুষ্ঠানটিত শতাধিক কৃতী ছাত্ৰ- ছাত্ৰীৰ প্ৰতিগৰাকীকে একোখনকৈ ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰি মানপত্ৰ প্ৰদান কৰা হয় ৷ ইয়াৰ লগতে এগৰাকী সামৰিক অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি মগৰ সমাজলৈ গৌৰৱ কঢ়িয়াই অনা আৰমান থাপাকো বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
উল্লেখযোগ্য যে, সাহিত্য একাডেমী বঁটাপ্ৰাপক ছত্ৰমান চুব্বাই অভিনন্দন অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি দিয়া তত্ত্বগধুৰ মন্তব্যৰ জৰিয়তে সকলোকে একোগৰাকী দেশৰ সু নাগৰিক হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্ৱান জনায়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মগৰ সংঘৰ কেন্দ্ৰীয় অধ্যক্ষ ৰেখৰাজ পুৰ্বছানে ৷
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মগৰ সংঘৰ কেন্দ্ৰীয় উপ সভাপতি সঞ্জয় ৰাণা, শোণিতপুৰ জিলা মগৰ সংঘৰ শিক্ষা সচিব কিৰণ আলে, ৰাজনৈতিক উপদেষ্টা কিশোৰ থাপা , শোণিতপুৰ জিলা মগৰ সংঘৰ সম্পাদক সঞ্জীৱ ৰাণাই ৷ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন কামাণ্ডেট প্ৰসাদ থাপাৰ লগতে বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে ৷
অনুষ্ঠানটি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অংশগ্ৰহণকাৰীসকলক উদোক্তাসকলৰ তৰফৰ পৰা ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰা হয়।