/asomiyapratidin/media/media_files/2025/02/06/gEbSZDahd0a8OJzdFIIn.jpg)
ডিজিটেল ডেস্কঃ মানৱতাৰ চৰম সীমা অতিক্ৰম জীৱশ্ৰেষ্ঠ মানুহৰ ৷ আফ্ৰিকাৰ দেশ কংগোৰ পৰা পোহৰলৈ আহিছে এক ভয়াৱহ কাণ্ড। যোৱা সপ্তাহত ৰুৱাণ্ডা সমৰ্থিত বিদ্ৰোহী সংগঠনে কংগো চহৰখন দখল কৰা পাছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।
সন্ত্ৰাসবাদীয়ে নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি গোমাৰ মুনজেনজে কাৰাগাৰত থকা হাজাৰ হাজাৰ মহিলা কাৰাবন্দীক ধৰ্ষণ কৰে। কংগোৰ এটা সংগঠন OHCHR-এ এই নিষ্ঠুৰতাৰ কাহিনী বৰ্ণনা কৰি কয় যে, কেৱল ধৰ্ষণতেই শান্ত নাথাকি সন্ত্ৰাসবাদীয়ে জীৱন্তে জ্বলাই দিয়ে ধৰ্ষণৰ ভুক্তভোগী সকলক।
প্ৰাপ্ত তথ্য অনুসৰি, মুজেঞ্জে কাৰাগাৰত প্ৰায় ৪ হাজাৰ পুৰুষ কয়দী পলায়ন কৰিবলৈ সক্ষম হয় যদিও মহিলা কাৰাবন্দীক সুকীয়া কোঠাত আৱদ্ধ কৰি ৰাখে। পাছত বিদ্ৰোহীয়ে মহিলা সকলক দলবদ্ধভাৱে ধৰ্ষণ কৰে। ইমানতে শান্ত নাথাকি ধৰ্ষণৰ পাছত মহিলা ৱাৰ্ডত জুই লগাই দিয়ে বিদ্ৰোহীয়ে।
ইফালে ঘটনাৰ তদন্ত কৰিবলৈ কাৰাগাৰটোত প্ৰৱেশ কৰিব পৰা নাই ৰাষ্ট্ৰসংঘৰ শান্তি সৈন্যৰ দল। ঘটনা সংঘটিত কৰিয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল ৰুৱাণ্ডা সমৰ্থিত এম ২৩ বিদ্ৰোহীয়ে। ৰাষ্ট্ৰসংঘই জনোৱা মতে, এই সংঘাতত নিহত হাজাৰ হাজাৰ লোকৰ মৃতদেহ এতিয়াও মৰ্গ আৰু ৰাজহুৱা স্থানত পৰি আছে।গোমাত এতিয়াও প্ৰায় ২০০০ মৃতদেহ সমাধিস্থ হোৱা নাই।
উল্লেখ কৰা প্ৰয়োজন যে, কংগোৰ এই অঞ্চলটো খনিজ পদাৰ্থৰে চহকী। যাৰ বাবে বহু বিদ্ৰোহী সংগঠনে এই অঞ্চলৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে যুঁজ কৰি আহিছে। ইয়াৰে এটা হৈছে এম ২৩ বিদ্ৰোহী গোট। যোৱা সপ্তাহত ৰুৱাণ্ডা সমৰ্থিত এম ২৩ বিদ্ৰোহী সংগঠনে কংগোৰ অন্যতম সমৃদ্ধিশালী অঞ্চল গোমা দখল কৰে।
ইয়াৰ পূৰ্বে ১৯৯৬-১৯৯৭ আৰু ১৯৯৮-২০০৩ চনৰ যুদ্ধত গোমাৰ লাখ লাখ লোক নিহত হৈছিল। এই সংঘাতত গণহত্যা, শৰণাৰ্থী শিবিৰত বোমা বিস্ফোৰণ, দলবদ্ধ ধৰ্ষণ আৰু অন্যান্য যৌন হিংসাৰ ঘটনা সংঘটিত হৈছিল বুলি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে।