/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/55a8e3ca-76b5-41b7-8dd4-850633434683/707fd343-2069-4171-b379-91a90017b2cd.jpg)
ডিজিটেল ডেস্কঃ এজনৰ পাছত সিজন বিজেপি নেতাৰ মোহভংগ হৈছে দলৰ প্ৰতি। শেহতীয়াকৈ আনুষ্ঠানিকভাৱে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি ত্যাগ কৰাৰ পাছতে এইবাৰ আন এগৰাকী প্ৰাক্তন বিধায়কে বিজেপি এৰাৰ চিন্তা-চৰ্চা কৰিছে।
ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা দলৰ ৰাজ্যিক প্ৰাক্তন উপসভাপতি দিলীপ মৰাঙে শেহতীয়াকৈ সাক্ষাত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাক। সোমবাৰে পুৱাই ভুপেন বৰাৰ বাসগৃহত প্ৰাক্তন বিধায়কগৰাকী উপস্থিত হৈ বহু সময় ধৰি আলোচনাত মিলিত হয়। ভিতৰুৱা সূত্ৰৰ খবৰ অনুসৰি, অহা ৯আগষ্টত কংগ্ৰেছত যোগদান কৰিব ডুমডুমাৰ প্ৰাক্তন বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা দিলীপল মৰাঙে।
উক্ত দিনটোতে অশোক শৰ্মাসহকেইবাজনো লোকে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে দিলীপ মৰাঙে কংগ্ৰেছত যোগদান কৰিবনে নকৰে এই সন্দৰ্ভত কংগ্ৰেছ সভাপতি নাইবা দিলীপ মৰাঙে কোনো মন্তব্য সদৰি কৰা নাই।
Also Read: শোণিতপুৰ আৰু দৰঙত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...