শংকৰদেৱ মহাবিদ্যালয়়ত "মহিলা সবলীকৰণ আৰু ডিজিটেল উদ্ভাৱন" শীৰ্ষক আলোচনাচক্ৰ

শংকৰদেৱ মহাবিদ্যালয়়ত "মহিলা সবলীকৰণ আৰু ডিজিটেল উদ্ভাৱন" শীৰ্ষক আলোচনাচক্ৰ

author-image
Asomiya Pratidin
New Update
শংকৰদেৱ মহাবিদ্যালয়়ত "মহিলা সবলীকৰণ আৰু ডিজিটেল উদ্ভাৱন" শীৰ্ষক আলোচনাচক্ৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগ, অসমীয়া বিভাগ, শিক্ষা বিভাগ আৰু ইংৰাজী বিভাগৰ উদ্যোগত, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে "মহিলা সবলীকৰণ আৰু ডিজিটেল উদ্ভাৱন"(women empowerment and digital innovation) শীৰ্ষক বিষয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়।

Advertisment

ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদ(The Indian Council of Social Science Research)ৰ সৌজন্যত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ খন এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। পাছত আৰম্ভণি ভাষণ প্ৰদান কৰি অধ্যক্ষ দেৱজিৎ মহন্তই "গুৰুজনাৰ নামেৰে নামাংকিত বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত আলোচনাচক্ৰত উপস্থিত সকলো সমল ব্যক্তি, গবেষক ছাত্ৰ আৰু অধ্যাপক সকলক আদৰনি জনায়।

নাৰী সৱলীকৰণৰ বাবে মহিলাৰ আত্মিক,ৰাজনৈতিক,সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা আৰু নাৰীসকলৰ নিজা সামৰ্থ্য সম্পৰ্কত আত্মবিশ্বাস বঢ়াই তোলাৰ প্ৰয়োজন বুলি ভাষন প্ৰদান কৰে। ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শতাধিক গৱেষক ছাত্ৰ, সহকাৰী অধ্যাপক, সহযোগী অধ্যাপকে অংশ গ্ৰহণ কৰা আলোচনাচক্ৰ খনিত ৰাজ্য, বহিঃৰাজ্যৰ সবৰ্মুঠ ১৭০ খন গৱেষণা পত্ৰ আলোচিত হব।

বটদ্ৰৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্বৰিফুল ইছলামে আঁত ধৰা অনুষ্ঠানটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক ড০ অজিৎ দেৱনাথে আৰম্ভণি চক্ৰত ভাষন প্ৰদান কৰে।

আজিৰ আলোচনাচক্ৰত কাৰ্বি আংলং জিলাৰ থং নকবে মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ আলকাফিল চৌধুৰী, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড০ নজৰুল ইছলাম বৰভূঞা, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়ৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড০ আশ্বিক ইলাহী কে আদি কৰি শতাধিক অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু অতিথি উপস্থিত থাকে।

Also Read: বিহালী পশ্চিম জিনজিয়াৰ দুই গ্ৰাম্যপথৰ শোচনীয় অৱস্থাই জুৰুলা কৰিছে ৰাইজক...

sankardev collage