/asomiyapratidin/media/media_files/2025/07/16/413-2025-07-16-21-45-22.jpg)
ডিজিটেল ডেস্ক : ঝাৰখণ্ডত বুধবাৰে পুৱা নক্সাল বিৰোধী অভিযানত ছহিদবৰণ কৰে অসম তথা কোকৰাঝাৰৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোঁচে। দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ ছহিদবৰণ কৰা জোৱান তথা চি আৰ পি এফৰ চিটি/জিডি প্ৰাণেশ্বৰ কোঁচৰ ঘৰ কোকৰাঝাৰ জিলাৰ মাগুৰমাৰি গাঁৱত।
উল্লেখযোগ্য যে, আজি পুৱা প্ৰায় ৫-৩০ বজাত ঝাৰখণ্ডৰ বোকাৰো জিলাৰ গোমিয়া আৰক্ষী থানা এলেকাৰ বীৰহৰ্ডেৰা বনাঞ্চলত চি আৰ পি এফ আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। বোকাৰো জ’নৰ আই জি ক্ৰান্তি কুমাৰ গাদিদেশীয়ে সংবাদ সংস্থা পি টি আইৰ আগত প্ৰকাশ কৰা মতে "এই এনকাউণ্টাৰৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুজন মাওবাদীক গুলীয়াই হত্যা কৰে। তাৰোপৰি তেওঁ জনোৱা অনুসৰি চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ এজন জোৱানো নিহত হয়।"
উক্ত অভিযানৰ সময়ছোৱাতে চি আৰ পি এফৰ জোৱান তথা অসম মাতৃৰ বীৰ সন্তান প্ৰাণেশ্বৰ কোঁচ নিহত হোৱা বুলি নিশ্চিত হয়। জোৱানগৰাকীৰ মৃত্যুৰ বতৰা লাভ কৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে শোক প্ৰকাশ কৰে। তেওঁ ছহিদ প্ৰাণেশ্বৰ কোঁচৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
তেওঁ লগতে কয়- প্ৰাণেশ্বৰৰ দৰে জোৱানৰ মৃত্যুই দেশৰ পৰা নক্সালবাদ আঁতৰাবলৈ অংগীকাৰৱদ্ধ হ’ব। প্ৰাণেশ্বৰ কোঁচৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁৰ চিৰশান্তি কামনা কৰিলোঁ।
CT/GD Praneswar Koch, of Vill - Magur Mari,
— GP Singh (@gpsinghips) July 16, 2025
Distt: KOKRAJHAR, ASSAM, posted to 209 CoBRA, CRPF attained martyrdom this morning in an Anti-Naxal Operation where two Naxals were also neutralised. Entire CRPF family would remember his sacrifice and re-dedicate ourselves to eliminate… pic.twitter.com/8Pg3OaPC48
তাৰোপৰি অসমৰ বীৰ সন্তানগৰাকীৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ফেচবুকত ছহিদগৰাকীলৈ প্ৰণাম জনাই লিখিছে এইদৰে-
''মা ভাৰতীৰ সুযোগ্য পুত্ৰ চিটি/জিডি প্ৰাণেশ্বৰ কোঁচে ঝাৰখণ্ডত নক্সালৰ লগত হোৱা সংঘৰ্ষত আজি পুৱা শ্বহীদ বৰণ কৰে৷
কোকৰাঝাৰ সন্তান অমৰ শ্বহীদগৰাকীৰ বলিদানক হৃদয়ৰ নিভৃততম কোণৰ পৰা প্ৰণাম জনাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াল আৰু আত্মীয়-স্বজনক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আমি আমাৰ শ্বহীদ পৰিয়ালৰ কাষত সদায়ে আছোঁ আৰু আগলৈও থাকিম৷''