/asomiyapratidin/media/media_files/2024/12/29/zcPkEsGZI1oYOtSWD9rP.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰঃ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৌজন্যত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাজ্যিক যোগ কেন্দ্ৰ নিৰ্বাণ (নেহৰু যুৱ কেন্দ্ৰ)ত ৬৮ সংখ্যক যোগাসনৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছিল ।
২৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে । অহা ৯ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ হাইদৰাবাডত অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ছোৱালীৰ ১৪ বছৰৰ অনুৰ্ধৰ জ্যোতিস্মিতা বৰা, ৰিম্পি গগৈ, চয়নিকা চক্ৰবৰ্ত্তী, জীয়না নিহি গৌতম, প্ৰতিশ্ৰুতি শইকীয়া।
উল্লেখ্য যে, অহা জানুৱাৰী ১৫ তাৰিখৰ পৰা ১৮ তাৰিখলৈ মহাৰাষ্ট্ৰৰ কলহাপুৰত অনুষ্ঠিত হ'বলগীয়া ১৭ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধৰ ল’ৰা আৰু ছোৱালীৰ দলটো ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বুলি যোগ গুৰু তথা অসম দলৰ বাচনি শিবিৰটোৰ সমন্বয়ক তথা ভাৰতীয় যোগ দলৰ প্ৰশিক্ষক প্ৰভাত চন্দ্ৰ বৰাই উল্লেখ কৰে ।