ডিজিটেল সংবাদ, চিৰাংঃ ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী সশস্ত্ৰ সীমা বল (এচএচবি) চিৰাং জিলাৰ কাজলগাঁওস্থিত ১৫নং বেটেলিয়ানৰ উদ্যোগত সমাজ চেতনা অভিযানৰ অধীনত দুসপ্তাহজোৰা মৌপালন প্ৰশিক্ষণ কাৰ্যসূচীৰ মঙলবাৰে সফল সামৰণি পৰে ।
দুসপ্তাহজোৰা এই প্ৰশিক্ষণ শিবিৰত ৫০ গৰাকী গ্ৰাম্য মহিলাক বিশেষজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা মৌপালনৰ প্ৰশিক্ষণ দিয়া হয়। আজি এই প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এচএচবিৰ ১৫ নং বেটেলিয়ানৰ কমান্ডেণ্ড শ্ৰীযুত শচীন কুমাৰ, আমটেক ভিচিডিচিৰ সভাপতি বিনেন ব্ৰহ্ম, অক্সিগুৰী গাঁৱৰ গাঁওবুঢ়া ছাইমন বৰগয়াৰী, স্বৌৰাংপাৰা গাঁৱৰ গাঁওবুঢ়া জুৱেল বৰগয়াৰী, সমাজসেৱক দিলীপ ব্ৰহ্ম আৰু কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ মজুদ্দিন ।
সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী অতিথি সকলে মৌপালন প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থীক উদ্দেশ্যি কয় যে এই প্ৰশিক্ষণৰ দ্বাৰা যিখিনি শিকিবলৈ পালে সেইখিনি আগলৈ কাৰ্য্যকৰী হোৱাকৈ কাম কৰি আৰ্থিক দিশত আত্মনিৰ্ভৰ হোৱাৰ বাবে শুভকামনা জনায় । এচএচবিৰ ১৫ নং বেটেলিয়ানৰ কমাণ্ডেণ্ট শচীন কুমাৰে কয় যে “আমি আশা কৰোঁ এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে স্থানীয় মহিলাসকলক মৌপালনৰ ক্ষেত্ৰত আত্মনিয়োগ প্ৰদান কৰি আন সকলক প্ৰেৰণা যোগাব আৰু নিজেও আৰ্থিক দিশত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব।”
এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলক মৌপালনৰ বিষয়ে বিতংভাৱে বুজাই দিয়া হৈছিল আৰু মৌপালনৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু কৌশলসমূহৰ বিষয়ে তথ্য প্ৰদান কৰা হয়। প্ৰশিক্ষণ কালত মৌপালনৰ লগত ব্যৱহৃত সামগ্ৰী আৰু সা-সঁজুলিও প্ৰশিক্ষণকাৰী সকলৰ মাজত প্ৰদান কৰা হয় আৰু অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰো প্ৰদান কৰা হয়।